অসমীয়াৰাষ্ট্ৰীয়

ৰক্ষকেই ভক্ষক! ৫ লাখ টকা ঘোচ লৈ গ্ৰেপ্তাৰ আৰক্ষী পৰিদৰ্শক

নিউজ ডেস্কঃ খাকী পোছাকত পুনৰ দাগ লগালে ঘোচখোৰ আৰক্ষী বিষয়াই। চৰকাৰী পদমৰ্যাদাৰ অপব্যৱহাৰ কৰি ধন সংগ্ৰহ কৰা এজন আৰক্ষী পৰিদৰ্শকক হাতে-লোটে গ্ৰেপ্তাৰ কৰে লোকায়ুক্তই।

কৰ্ণাটক লোকায়ুক্তৰ এটা দলে শুকুৰবাৰে বিয়লি চামৰাজপেট চিএআৰ খেলপথাৰত এক অভিযান চলাই কেপি আগ্ৰাহাৰা থানাৰ পৰিদৰ্শক গোবিন্দ ৰাজুক ৫ লাখ টকাৰ ঘোচ লৈ থকা অৱস্থাত হাতে-লোটে কৰায়ত্ত কৰে। এজন নিৰ্মাণকাৰীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰত সহায় কৰি দিয়াৰ বিনিময়ত আৰক্ষী বিষয়াগৰাকীয়ে এই বৃহৎ পৰিমাণৰ ধন দাবী কৰিছিল।

জানিব পৰা মতে, মহম্মদ আকবৰ নামৰ চহৰখনৰ এজন নিৰ্মাণকাৰীয়ে আৰক্ষী পৰিদৰ্শকজনৰ বিৰুদ্ধে লোকায়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰিছিল।

অভিযোগ অনুসৰি, গোবিন্দ ৰাজুৱে যোৱা ২৪ জানুৱাৰীত চিৰ্চি চাৰিআলিত ইতিমধ্যে ১ লাখ টকা আদায় লৈছিল আৰু বাকী ৪ লাখ টকা বৃহস্পতিবাৰে লৈ থকাৰ সময়তে লোকায়ুক্তৰ জালত পৰে। কেৱল এয়াই নহয়, উক্ত বিষয়াগৰাকীয়ে পূৰ্বেও আন এক বিবাদৰ নিষ্পত্তি কৰাৰ নামত অভিযোগকাৰীৰ পৰা ৬ লাখ টকা বলপূৰ্বকভাৱে আদায় লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *