On Camera প্ৰশাসনিক বিষয়াক ধমক কিয়? মুখ্যমন্ত্ৰীক প্ৰশ্ন শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীৰ

এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিতো চৰ্চাৰ বিষয় হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কাৰণ- মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁৱৰ ৰাজপথত জিলা উপায়ুক্তক দিয়া ধমক।

পহিলা মাঘৰ দিনা নগাঁও ভ্ৰমণত যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ আগমনৰ বাবে গোমোঠাগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা সাধাৰণ যাত্ৰীৰ দীঘলীয়া শাৰী দেখি জিলা উপায়ুক্ত নিসৰ্গ হিগৰেক ধমক দিছিল।

অন কেমেৰা এগৰাকী আইএএছ বিষয়াক এনেদৰে মুখ্যমন্ত্ৰীয়ে ধমক দিয়া কাৰ্যই ৰাজ্যৰ ভিতৰে-বাহিৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰীৰ এয়া কেৱল এক পাব্লিচিটি ষ্টাণ্ট বুলি অভিহিত কৰিছে বিৰোধীয়ে।

আনহাতে মহাৰাষ্ট্ৰৰ শাসকীয় দল শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়েও টুইটাৰত ভিডিঅ’টো শ্বেয়াৰ কৰি আক্ৰমণৰ লক্ষ্য কৰি লয় অসমৰ মুখ্যমন্ত্ৰীগৰাকীক।

টুইটাৰত শিৱসেনাৰ সাংসদ গৰাকীয়ে প্ৰশ্ন কৰে যে দায়িত্ব সম্পাদন কৰি থকা এগৰাকী প্ৰশাসনিক বিষয়াক ৰাজহুৱা স্থানত অপমান কিয়? সেই বিষয়ত পূৰ্বে নিৰ্দেশনা প্ৰদান কৰিব লাগে বুলিও মন্তব্য কৰে প্ৰিয়ংকা চতুৰ্বেদীয়ে।

আনহাতে শিৱসেনাৰ সাংসদ গৰাকীৰ এই টুইটৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে ৰি-টুইট কৰি উত্তৰ দিয়ে এনেদৰে- এম্বুলেন্সকে ধৰি ৰাষ্ট্ৰীয় ঘাইপথসমূহত যান-বাহন ৰখাই থোৱাটো আমাৰ মানক সঞ্চালন প্ৰক্ৰিয়াৰ অংশ নহয়। কোনো নিয়মে সেইটো নিৰ্ধাৰণ কৰা নাছিল। এয়া চিএম প্ৰটোকলৰ অংশ নহয়। এইটো এটা অত্যাধিক সক্ৰিয়তা আছিল আৰু আমি ইয়াক বন্ধ কৰিব লাগিব। যদি আমি অসমত সেইটো চেষ্টা কৰি আছো, আপুনি আমাক সমালোচনা কৰাৰ পৰিবৰ্তে অভিবাদন জনোৱা উচিত।”

ইয়াৰ পিছতে প্ৰিয়ংকা চতুৰ্বেদীয়ে আন এটা টুইট কৰি মুখ্যমন্ত্ৰীক উভতি ধৰে। তেওঁ পুনৰ কয়, “মই ভাবো দেশৰ সকলোৱে ভিআইপি সংস্কৃতিৰ সমাপ্তি বিচাৰিব। কিন্তু এজন ‘অভাৰ এক্টিভ’ আমোলাক ৰাজহুৱাভাৱে অপমান কৰাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি নহয়, যিয়ে এই পদ পাবলৈ অশেষ কষ্ট কৰিবলগা হয়।”

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজপথত এগৰাকী কৰ্তব্যৰত প্ৰশাসনিক বিষয়াক ৰঙাচকু দেখুৱাই ধমক দিয়া কাৰ্যৰ সমালোচনা কৰিছে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু এপিচিচিৰ সভাপতি ভূপেন বৰাইও।

লগতে চাওকঃ

বাইচান্সৰ লাইচেন্স নাই! কেতিয়াবা যদি কিবা অঘটন হয়… PSO ৰ সপক্ষে যুক্তি বিজেপি বিধায়কৰ

G2

Leave a Comment