
নিউজ ডেস্ক। OMG! পৰেশ ৰাৱাল আৰু অক্ষয় কুমাৰ অভিনীত বলিউডৰ এখন বক্সঅফিছ হিট ছবি আছিল ‘অ মাই গড’।
ছবিখনত এগৰাকী নাস্তিক মূৰ্তি ব্যৱসায়ীয়ে প্ৰাকৃতিক দুৰ্যোগৰ বাবে জগৰীয়া কৰি ভগৱানৰ বিৰুদ্ধে দাৰস্থ হৈছিল ন্যায়ালয়ৰ।

এইবাৰ কাহিনী পৃথক। কিন্তু এই ছবিখনৰ দ্বাৰাই যেন অনুপ্ৰাণিত হৈ এইবাৰ ভগবান শিৱক তলব কৰা হ’ল এখন আদালতৰ দ্বাৰা।
নিৰ্দিষ্ট দিনত ভগৱান শিৱ স্বয়ং আদালতত উপস্থিত নহ’লে ১০ হাজাৰ টকাৰ জৰিমনা বিহা হব বুলিও নিৰ্দেশ আদালতৰ।
এই ঘটনাই এতিয়া সামাজিক মাধ্যমত লাভ কৰিছে তীব্ৰ চৰ্চা। কোনেও নেদেখা স্বয়ং ভগৱানক আদালতৰ চমন জাৰিক লৈ বিভিন্নজনে বিভিন্নধৰণেৰে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।
দৰাচলতে ছত্তীশগড়ৰ ৰায়গড় জিলাৰ তহচিলদাৰ আদালতে অবৈধভাৱে ভূমি বেদখলৰ অভিযোগত ভগৱান শিৱক জাৰি কৰিছে চমন।

বাতৰি অনুসৰি, ছত্তীশগড়ৰ ৰায়গড় জিলাৰ ২৫ নং ৱাৰ্ডৰ এটা শিৱ মন্দিৰৰ লগতে ১৬ জনৰ বিৰুদ্ধে উত্থাপন হৈছে চৰকাৰী ভূমি বেদখলৰ অভিযোগ।
এই অভিযোগ সন্দৰ্ভতে ভগৱান শিৱলৈ পোনপটীয়া জাননী জাৰি কৰিছে তহচিলদাৰ আদালতে। নিৰ্দিষ্ট দিনা আদালতত হাজিৰ নহলে ১০ হাজাৰ টকা আৰোপ কৰা হব বুলিও সদৰী কৰিছে আদালতে।
আদালতৰ এই অকল্পনীয় নিৰ্দেশত এতিয়া চকু থৰ লাগিছে শিৱ ভক্তৰ। অদৃশ্য ভগৱান কিদৰে আদালতত হাজিৰ হব তাক লৈও চলিছে চৰ্চা।
আনহাতে আদালতে এনে নিৰ্দেশ জাৰি কৰি ভগৱান শিৱৰ অৱমাননা কৰা বুলিও অভিযোগ কৰিছে বহুতেই।
লগতে চাওকঃ
পুত্ৰৰ জীৱন বচাবলৈ খালী হাতেৰেই নাহৰফুটুকীৰ সৈতে যুঁজ পিতৃৰ, কৰিলে প্ৰাণৰক্ষা
