অসমঅসমীয়া

‘আমি ৰাজনীতি বুজো…’ দ্য কাশ্মিৰী ফাইলছ সন্দৰ্ভত আৰু কি ক’লে পৰেশ বৰুৱাই?

নিউজ ডেস্ক। মুক্তিৰ পিছতে দেশজুৰি চৰ্চাত আছে বিবেক অগ্নিহোত্ৰী পৰিচালিত ‘দ্য কাশ্মিৰী ফাইলছ’।

৯০ৰ দশকত কাশ্মিৰী পণ্ডিতৰ ওপৰত হোৱা নিৰ্যাতনৰ ওপৰত আধাৰতি কৰি নিৰ্মাণ কৰা ছবিখনক লৈ গৰম হৈ আছে দেশৰ ৰাজনীতিও।

খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সদনত ছবিখনৰ বিষয়ে উল্লেখ কৰি সকলো বিজেপি সাংসদক ছবিখন চাবলৈ আহ্বান জনাইছিল।

a1

তাৰ পিছতে প্ৰায় কেইখন বিজেপি শাসিত ৰাজ্যত কৰমুক্ত ঘোষণা কৰা হৈছে ছবিখন। নেতা-মন্ত্ৰী-বিধায়ক সকলোৱে সদলবলে চিনেমাহলত দ্য কাশ্মিৰী ফাইলছ চাই সংবাদ মাধ্যমৰ সন্মুখত উচুপি উঠিছে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শাসকীয় দলৰ আন আন নেতা-মন্ত্ৰী-বিধায়কেও ইতিমধ্যে উপভোগ কৰিছে চিনেমাখন।

ছবিখনক লৈ বিভিন্নজনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পিছত এইবাৰ দ্য কাশ্মিৰী ফাইলছক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই।

Paresh Baruah

নৰ্থ ইষ্ট নাওৰ সাংবাদিক অনিৰ্বাণ পাঠকৰ সৈতে ফৌনিক বাৰ্তালাপৰ সময়ত ‘দ্য কাশ্মিৰী ফাইলছ’ক ৰাজনৈতিক এজেণ্ডা বুলি অভিহিত কৰে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই।

শাসনৰ গাদীত বহি থাকিবলৈ আৰু দীৰ্ঘদিনৰ বাবে নিজৰ হিন্দুত্ববাদী আদৰ্শ জীয়াই ৰাখিবলৈ এনেধৰণৰ ছবি নিৰ্মাণ কৰা হৈছে আৰু হৈ থাকিব বুলিও মন্তব্য কৰে পৰেশ বৰুৱাই।

আলফাৰ সেনাধ্যক্ষগৰাকীয়ে কয়, ‘আমি ৰাজনীতি নুবুজা হ’লে কলোহেতেন যে ছবিখন খুব ভাল। কিন্তু আমি ৰাজনীতি বুজো। এই ছবিখন চাবৰ কাৰণে আৰক্ষীৰ পৰা আমোলালৈকে সকলোকে আহ্বান জনাইছে। কিন্তু কাশ্মীৰত ৩৯৯ জন পণ্ডিতৰহে হত্যা হৈছিল।

কিন্তু ১৯৪৯ চনৰ পৰা আজিলৈকে কাশ্মীৰত হাজাৰ হাজাৰ যুৱক-যুৱতী মৰিয়েই আছে। আমি যদি ধৰ্মৰ দিশেৰে নাচাই মানৱতাৰ দিশেৰে চাও, তেন্তে এই প্ৰশ্ন উত্থাপন কৰিব লাগিব যে কিয় আজিও হাজাৰ হাজাৰ কাশ্মিৰী যুৱক-যুৱতীৰ মৃত্যু ঘটি আছে।’

কেৱল ৰাজনৈতিক উদ্দেশ্য সাধন কৰি এনে ছবি নিৰ্মাণ কৰাতকৈ হাজাৰ হাজাৰ কাশ্মিৰী যুৱক-যুৱতীৰ মৃত্যুৰ সমাধানহে বিচাৰি উলিওৱাটো বেছি প্ৰয়োজনীয় বুলি মন্তব্য কৰে আলফাৰ সেনাধ্যক্ষই। ছবি নিৰ্মাণ কৰি গাদী দখলৰ যি এটা দলৰ ৰাজনৈতিক কৌশল, তাৰ প্ৰতি কেতিয়াও সমৰ্থন আগবঢ়াব নোৱাৰে বুলিও স্পষ্ট কৰি দিয়ে পৰেশ বৰুৱাই।

Leave a Reply

Your email address will not be published. Required fields are marked *