অসমঅসমীয়া

ভগৱানে সকলো জানে, তেন্তে চিন্তা কিহৰ? চলচ্ছিত্ৰ বঁটা বিতৰ্কৰ পিছত কণ্ঠশিল্পী নাহিদৰ এই পোষ্ট…

নিউজ ডেস্কঃ অষ্টম অসম ৰাজ্যিক চলচ্ছিত্ৰ বঁটাত শ্ৰেষ্ঠ নেপথ্য মহিলা কণ্ঠশিল্পীৰ বঁটা গ্ৰহণ কৰি বিতৰ্কৰ আওতাত সোমাই পৰিছিল যুৱ কণ্ঠশিল্পী নাহিদ আফ্ৰিন।

নিজে নোগোৱা এটা গীতৰ বাবে বঁটা গ্ৰহণ কৰাৰ বাবে সামাজিক মাধ্যমতো তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল কণ্ঠশিল্পীগৰাকী।

image 51

পিছত যেনিবা সকলো শাম কাটিম। চলচ্ছিত্ৰ বঁটাৰ জুৰী সমিতিয়ে নিজৰ ভুল স্বীকাৰ কৰাৰ পিছতে নাহিদক লৈ চলা বিতৰ্কৰো অৱসান ঘটিল।

image 52

কিন্তু এই সকলোবোৰ ঘটনাই যেন এটা সৰু হ’লেও আঁচোৰ বহুৱাই থৈ গ’ল নাহিদৰ অন্তৰত।

image 48

নিজৰ অলক্ষিতেই এনে বিতৰ্কত সোমাই পৰি পিছত নাহিদ ওলাই আহিল ঠিকেই, কিন্তু বুকুত এটুকুৰা ঘাঁ লৈ।

সেয়ে এতিয়া সামাজিক মাধ্যমত এটা পোষ্ট কৰি নিজকে যেন খুলি দিলে নাহিদ আফ্ৰিনে।

image 53

এই পোষ্টটোকে লৈ এতিয়া সামাজিক মাধ্যমত চৰ্চা আৰম্ভ হৈছ। পিছে এইবাৰ চৰ্চা যোগাত্মক।

নাহিদে নিজৰে এখন ফটো শ্বেয়াৰ কৰি ফটোখনৰ সৈতে কেপশ্যনক লিখিছে- ভগৱানে সকলো জানে। তেন্তে চিন্তা কিহৰ?

image 49

তেওঁক লৈ চলা সেই বিতৰ্কৰ কালছোৱাত তেওঁৰ মানসিক স্থিতিকে এই পোষ্টটোৰে প্ৰকাশ কৰিব বিচাৰিছে যুৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।

ফটোৰ কেপশ্যনত তেওঁৰ অধ্যাপকৰ এক উক্তি দাঙি ধৰি নাহিদে লিখিছে- ‘মোৰ অধ্যাপকে কয়, ”এই কলিযুগত আমি সকলোৱে শক্তিশালী হৈ থাকিব লাগিব। ইয়াৰ বাবে আন কোনো গত্যন্তৰ নাই।’’

image 54

আগলৈ লিখিছে নাহিদে, ”মই বিশ্বাস কৰো, সত্যবাদী হোৱাটো অতি মুক্তিদায়ক। যদিও মানুহে তোমাক বিশ্বাস নকৰিব, তোমাৰ মুখ বন্ধ আৰু তললৈ পেলাবলৈ চেষ্টা কৰিব। কিন্তু তুমি যিমানেই সত্যক আঁকোৱালি ল’বা, মনত ৰাখিবা এদিন তুমি নিশ্চয় জয়লাভ কৰিবলৈ সক্ষম হ’বা।’’

কেপশ্যনৰ শেষত কেপিটেল লেটাৰত নাহিদে লিখিছে আন দুটা বাক্য- ”ভগৱানে সকলো জানে। তেন্তে চিন্তা কিহৰ?’’

image 55

দৰাচলতে নাহিদক লৈ বিতৰ্কৰ সূচনা হোৱাৰ পিছতে সামাজিক মাধ্যমত এটা ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰি নাহিদে নিজকে নিৰ্দোষী দাবী কৰিছিল।

কিন্তু তাৰ পিছতো একাংশৰ আক্ৰমণৰ লক্ষ্য আছিল নাহিদ। যাৰ বাবে নিজৰ গাত ভুল নাই বুলি প্ৰমাণ কৰিবলৈ গৈও তেওঁ যেন সকলোকে পতিয়ন নিয়াব পৰা নাছিল।

image 56

কিন্তু এই পোষ্টটোৰে নাহিদে তেওঁক সমালোচনা কৰা সকলক এই কথা বুজাই দিলে যে তেওঁ সত্যত আছিল। তেওঁ কোনো ভুল কৰা নাছিল আৰু সেই সত্যয়েই আজি জয়লাভ কৰিছে।

লগতে চাওকঃ

মহানুভৱতা! ভুলতে গাড়ীত এৰি থৈ যোৱা তিনি লাখ টকাভৰ্তি বেগ যাত্ৰীক ওভতাই দিলে ই-ৰিক্সাচালক সুশান্তই…

photo1679224328