নিউজ ডেস্কঃ অকস্মাত চোলাৰ জেপত সূত্ৰপাত ঘটিল জুইৰ, তাৰ পিছতে ঘটিল এক সৰু বিস্ফোৰণ।
গাত দপদপকৈ জ্বলি উঠি এই জুইকুৰাৰ পৰা কথমপি প্ৰাণৰক্ষা পৰিল ব্যক্তিজনৰ।
কেৰালাৰ থ্ৰিছুৰৰ মাৰোট্টিচালত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।
ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই অগ্নিকাণ্ডৰ এটা ভিডিঅ’।
ভিডিঅ’টো দেখা পোৱা মতে, বহি থকা এজন ব্যক্তিৰ চোলাৰ ওপৰৰ জেপত ৰখা মোবাইলত প্ৰথমে জুইৰ সূত্ৰপাত ঘটে।
তাৰ পিছতে এটা সৰু বিস্ফোৰণ ঘটি ফাটি যায় মোবাইল ফোনটো।
অৱশ্যে গাত জ্বলি উঠা জুইকৰা বেছিকৈ জ্বলাৰ পূৰ্বেই আন এজন ব্যক্তিৰ সহায়ত সেয়া নিৰ্বাপণ কৰিবলৈ সক্ষম হয় লোকজনে।
যাৰ ফলত কোনো গুৰুতৰ আঘাত পোৱাৰ পৰা ৰক্ষা পৰে আদহীয়া ব্যক্তিজন।
এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে সস্তীয়া মোবাইল ফোনে কিদৰে বিঘিনি আনিব পাৰে, তাক লৈ আশংকা ব্যক্ত কৰিছে বিভিন্ন জনে।