দেশজুৰি বলবৎ এই নিষেধাজ্ঞা! ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে চলাব নোৱাৰিব সামাজিক মাধ্যম

নিউজ ডেস্কঃ ১৬ বছৰৰ অনুৰ্দ্ধ ল’ৰা-ছোৱালীৰ বাবে এতিয়া নিষিদ্ধ কৰা হ’ল ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ। শিশুৰ ওপৰত পৰা সামাজিক মাধ্যমৰ কুপ্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশ জাৰি কৰিছে অষ্ট্ৰেলিয়ান চৰকাৰে। এই বিশ্ব-প্ৰথম আইনখনৰ কাৰ্যকৰী হোৱাৰ পূৰ্বে প্ৰযুক্তিৰ বৃহৎ কোম্পানী মেটাই অষ্ট্ৰেলিয়াৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ দুসপ্তাহৰ জৰুৰী সতৰ্কবাণী প্ৰেৰণ কৰিছে।

মেটাই ফেচবুক, ইনষ্টাগ্ৰাম আৰু থ্ৰেডছকে ধৰি সকলো একাউণ্টৰ পৰা তেওঁলোকৰ ডিজিটেল হিষ্ট্ৰী ডাউনলোড কৰিবলৈ আৰু একাউণ্টসমূহ ডিলিট কৰিবলৈ নিৰ্দেশ দিছে। অহা ১০ ডিচেম্বৰৰ পৰা এই আইন কাৰ্যকৰী হ’ব। মেটাৰ উপৰিও স্নেপচাট, টিকটক, এক্স আৰু ইউটিউবকো এই নিৰ্দেশ দিয়া হৈছে। সন্দেহযুক্ত শিশু ব্যৱহাৰকাৰীসকলক ৪ ডিচেম্বৰৰ পৰা প্লেটফৰ্মসমূহত প্ৰৱেশত বাধা দিয়া হ’ব বুলি মেটাই এছএমএছ আৰু ইমেইলযোগে জনাইছে।

১৬ বছৰৰ তলৰ শিশুক আঁতৰাবলৈ যুক্তিসংগত পদক্ষেপ ল’বলৈ ব্যৰ্থ হ’লে প্লেটফৰ্মসমূহক ৫০ মিলিয়ন অষ্ট্ৰেলিয়ান ডলাৰ পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে। এই সন্দৰ্ভত মেটাৰ বিষয়াসকলে এপ ষ্টোৰ স্তৰত বয়স পৰীক্ষণৰ এক মানক ব্যৱস্থা স্থাপন কৰাটো অধিক ভাল হ’ব বুলি মত প্ৰকাশ কৰিছে।

Leave a Comment