MBBS চিকিৎসকে ‘গোবৰ’ খাই প্ৰকাশ কৰিলে ইয়াৰ উপকাৰিতাৰ সবিশেষ, ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। একাংশ লােকে, বিশেষকৈ বিজেপি দলৰ বহুতো নেতা-মন্ত্ৰীয়ে কিছুদিনৰ পৰা দাবী কৰি আহিছিল যে গো মূত্র বা গোবৰ স্বাস্থ্যৰ বাবে উপকাৰী।

কোৰোনা ৰোগী সকলে গো মূত্ৰ বা গোবৰ খালে ৰোগ নিৰাময় হোৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। যাক লৈ সৰ্বত্ৰে চৰ্চিত হৈ পৰিছিল এই বিষয়।

কিন্তু এইবাৰ এই বিষয়ত সপক্ষে মত দিলে স্বয়ং এজন এমবিবিএছ চিকিৎসকে।

তেওঁ কেৱল মত দিয়াই নহয়, আনকি গোবৰ খাই নিজৰ যুক্তি সঁচা বুলি দাবী কৰে। যিটো দৃশ্য বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

Ebgdtu-QWk-AAs-Lhh

ডাঃ মনোজ মিত্তাল, MBBS

তেওঁৰ মতে গোবৰত যথেষ্ট ভিটামিন আছে, সেয়েহে গোবৰ খালে ৰোগ নিৰাময় হয়। আৰু তেনে অদ্ভূত যুক্তি দিয়া চিকিৎসকজনৰ নাম হল মনোজ মিত্তাল।

কৰ্ণালৰ এমবিবিএছ চিকিৎসক মনোজ মিত্তালে যোৱা কেইবা বছৰ ধৰি গো মূত্ৰ আৰু গোবৰ খাই আহিছে বুলি জানিবলৈ দিয়ে। ডাঃ মনোজ মিত্তালে গোবৰ খোৱাৰ বাবে কেইবাটাও যুক্তি দিছিল।

ডাঃ মনোজ মিত্তাল কৰ্ণালৰ এজন শিশু বিশেষজ্ঞ চিকিৎসক আৰু কৰ্ণালত তেওঁৰ নিজা চিকিৎসালয় আছে। অৱশ্যে, সমগ্ৰ বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলে এনে দাবীক অন্ধবিশ্বাসৰ বাদে একো নহয় বুলি কৈছে।

ডাঃ মনোজ মিত্তালে দাবী কৰে যে, গোবৰত যথেষ্ট ভিটামিন বি-১২ থাকে। যি আমাক বিকিৰণৰ পৰা সুৰক্ষিত কৰে। ডাঃ মনোজে কয় যে ম’বাইল, এচি, ফ্ৰিজৰ পৰা অজ্ঞাত বিকিৰণ মুকলি হয়, যাৰ ফলত কৰ্কট ৰোগ হয়! কিন্তু গোবৰ খোৱাৰ ফলত বিকিৰণৰ প্ৰভাৱ হ্ৰাস হ’ব পাৰে।

ডাঃ মনোজ মিত্তালে কয় যে যদি এগৰাকী গৰ্ভৱতী মহিলাই প্ৰসৱৰ সময়ত গোবৰৰ ৰস গ্ৰহণ কৰে, প্ৰসৱৰ সম্ভাৱনা স্বাভাৱিকভাৱে বৃদ্ধি হয়। কেৱল সেয়াই নহয়, ডাঃ মনোজ মিত্তালে গোবৰৰ পৰা বহুতো ৰোগ আৰোগ্য কৰা বুলি দাবী কৰে।

ডাঃ মনোজ মিত্তালে দাবী কৰে যে তেওঁ মজিয়াত শুৱে আৰু কেতিয়াও ফেন বা এচি ব্যৱহাৰ কৰা নাই। ডাঃ মিত্তালে কয় যে গোবৰত ২৮ শতাংশ অক্সিজেন থাকে, যি স্বাস্থ্য স্বাস্থ্যৱান কৰি ৰাখে।

তেওঁৰ এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই বহুতো সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰীয়ে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰদান কৰিছে।

বহুলোকে ডাঃ মনোজ মিত্তালৰ ডিগ্ৰী সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে আৰু বহুতে ডাঃ মিত্তালৰ সৈতে সহমত পোষণ কৰিছে।

Leave a Comment