দৈনিক ৰাশিফল- Daily Horoscope in Assamese
শুকুৰবাৰ, ১৯ জানুৱাৰী, ২੦২৪ – Friday, January 19, 2024

মেষ ৰাশি: চাৰিওফালেৰ পৰিৱেশ সুখকৰ হ’ব। কোনো বিশেষ ব্যক্তিৰে সাক্ষাৎ সম্ভৱ। বন্ধুবৰ্গৰ সহযোগ আৰু সমৰ্থন পাব। বিত্তীয় অৱস্থা সুদৃঢ় কৰিবলৈ নতুন পথ বিচাৰিব। কােনাে আত্মীয়ক দিয়া পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব। ঘৰৰ মেৰামতি বা পুনৰ নিৰ্মাণৰ পৰিকল্পনা কৰিব পাৰে। অনলাইনত কৰ্ম কৰি থকা লোকসকলে কিছু সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়ােজন।
বৃষ ৰাশি: কোনো কাম খৰখেদাকৈ কৰাৰ পৰা বিৰত থাকক। বহিঃৰাজ্যত ব্যৱসায় কৰা লােকে ভাল খবৰ পাব পাৰে। দান-দক্ষিণাৰ কামত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব। জৰুৰী কামবোৰ অতিশীঘ্ৰে সম্পূৰ্ণ কৰা উচিত, অন্যথা সমস্যা হ’ব পাৰে। আইনী বিষয়সমূহত শিথিলতা এৰাই চলিব। ঘৰত কোনাে পুৰণি বন্ধুৰ আগমন হ’ব পাৰে। সন্তানৰ ফালৰ পৰা নিৰাশাজনক খবৰ পাব পাৰে। পিতৃ-মাতৃৰ আশীৰ্বাদত আপোনাৰ কােনাে ৰৈ থকা কাম সম্পূৰ্ণ হ’ব।
মিথুন ৰাশি: মিথুন ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো প্ৰভাৱ আৰু প্ৰতাপ বৃদ্ধিৰ সংকেত লৈ আহিছে। প্ৰতিদ্বন্দ্বিতাৰ মনােভাৱ থাকিব। কোনো ডাঙৰ লক্ষ্যৰ প্ৰাপ্তি হ’ব পাৰে। ধন-সম্পদৰ বৃদ্ধিৰ সম্ভাৱনা। নতুন কামৰ বাবে পৰিকল্পনা কৰিব পাৰে। চৰকাৰী চাকৰিয়ালৰ বদলিৰ সম্ভাৱনা আছে। যদি আপুনি কোনো গুৰুত্বপূৰ্ণ তথ্য আনক প্ৰদান কৰে, তেন্তে তেওঁ সেই তথ্যৰ অপব্যৱহাৰ কৰিব পাৰে।
কৰ্কট ৰাশি: আজি দিন আপোনাৰ বাবে লাভজনক হ’ব। নিজৰ অভিজ্ঞতাৰ পূৰ্ণ লাভ পাব। ব্যৱসায়িক ক্ষেত্ৰত আপুনি সক্ৰিয় ভূমিকা ল’ব। সামাজিক স্বীকৃতি বা বঁটা লাভৰ সম্ভাৱনা। সহকৰ্মীৰ সহযোগ পাব। কৰ্মক্ষেত্ৰত মান-সন্মান বৃদ্ধি পাব, যি আপোনাক অতি আনন্দিত কৰিব। জীৱন সঙ্গীৰ সৈতে কিছু মতবিৰোধ ঘটিব পাৰে, যি আপােনাৰ মনত কিছু অসন্তোষ সৃষ্টি কৰিব পাৰে।
সিংহ ৰাশি: নতুন ব্যক্তিৰ সৈতে সম্পৰ্ক বৃদ্ধি হ’ব পাৰে। ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাব। দীৰ্ঘদিনৰ বিৰতিত কোনো পুৰণি বন্ধুক সাক্ষাৎ লাভ কৰি সুখী হ’ব। নতুন পৰিকল্পনাসমূহত মনোনিবেশ কৰাৰ প্ৰয়োজন। মানসিক শান্তি লাভ কৰিব। বিভিন্ন ক্ষেত্ৰত আপুনি ভাল প্ৰদৰ্শন কৰিব। কোনো অচিনাকী ব্যক্তিৰ ওপৰত অত্যধিক বিশ্বাস কৰাটো ক্ষতিকাৰক হ’ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাসমূহৰ বিষয়ে তেওঁলোকৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে আলোচনা কৰা উচিত।
কন্যা ৰাশি: খৰখেদাকৈ কোনো কাম কৰাৰ পৰা বিৰত থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰামৰ্শ অনুসৰণ কৰিলে আপোনাৰ বাবে শুভ হ’ব। যিকোনো ধৰণৰ বিপজ্জনক কাম কৰাৰ পৰা বিৰত থাকক, অন্যথা সমস্যাত পৰিব পাৰে। ধৈৰ্যৰে কাম কৰক, নহ’লে সম্পূৰ্ণ কৰাত কষ্ট হ’ব। ব্যৱসায়ত যিকোনো আপােচ কৰাৰ ক্ষেত্ৰত সাৱধান হ’ব। পিতৃৰ কথাবোৰ মনোযোগেৰে শুনক। নতুন কিছু ঘটনাই নতুন অভিজ্ঞতা দিব। সন্তানৰ বাবে নতুন যানবাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে।
তুলা ৰাশি: পুৰণি পৰিকল্পনাসমূহে নতুন গতি লাভ কৰিব। পাৰিবাৰিক সমস্যাসমূহৰ পৰা মুক্তি লাভ কৰিব। সকলোকে একেলগে লৈ আগবাঢ়ি যোৱাৰ প্ৰচেষ্টাত সফল হ’ব। কৰ্মক্ষেত্ৰত সমূহীয়াভাৱে কাম কৰিবলৈ প্ৰয়াস কৰিলে নিৰ্ধাৰিত সময়ৰ আগতে সফলতা পাব, যাৰ ফলত উচ্চ পদস্থ ব্যক্তিসকলৰ প্ৰশংসা লাভ কৰিব। আপুনি আপোনাৰ খাদ্যাভ্যাসৰ ক্ষেত্ৰত নিয়ন্ত্ৰণত ৰাখিব লাগিব। আপোনাৰ কোনো ডাঙৰ লক্ষ্যৰ প্ৰাপ্তি হ’ব পাৰে।
বৃশ্চিক ৰাশি: আয়-ব্যয়ৰ ক্ষেত্ৰত সন্তুলন বজাই ৰাখিবলৈ প্ৰয়াস কৰিব। কৰ্মক্ষেত্ৰত থকা বাধা আঁতৰ হ’ব। অন্যৰ পৰামৰ্শৰ সলনি নিজৰ বিচাৰ-বুদ্ধিৰে চিন্তা-চৰ্চা কৰক। কোনো কথাই আপোনাক বিচলিত কৰিব পাৰে, যাৰ ফলত আপোনাৰ আচৰণতো পৰিবৰ্তন আহিব। খৰখেদাকৈ আৰু আবেগিক সিদ্ধান্ত ল’লে পিছলৈ সমস্যাৰ সৃষ্টি হ’ব পাৰে। সেৱা ক্ষেত্ৰত আপুনি যোগদানৰ এক সুযোগ পাব পাৰে। কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে কাম কৰি অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা।
ধনু ৰাশি: আজি ধনু ৰাশিৰ জাতকসকলৰ বাবে দিনটো মংগলজনক হ’ব। প্ৰতিযোগিতাৰ মনােভাব থাকিব। কিছু নতুন অভিজ্ঞতা লাভ কৰিব পাৰে যি আপোনাৰ বাবে উপকাৰী হ’ব। বন্ধু আৰু সহকৰ্মীৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ ইতিবাচক চিন্তাৰ ফলাফল লাভ কৰিব। অৰ্থনৈতিক দৃষ্টিভংগীৰ পৰা দিনটো আপোনাৰ বাবে শুভ হ’ব। পৰিয়ালৰ সুখ-শান্তি বৃদ্ধি পাব। স্পৰ্শকাতৰ বা আৱেগিক বিষয়সমূহত সাৱধানতা অৱলম্বন কৰা আৱশ্যক। সামাজিক অনুষ্ঠানত অংশগ্ৰহণৰ মনােভাব থাকিব।
মকৰ ৰাশি: নিজৰ বিবেক- বিবেচনাৰে কাম কৰা উচিত। মাটিবাৰীৰ সৈতে জড়িত কোনো আইনী বিষয়ত পিতৃৰ সৈতে আলোচনা কৰি আগুৱাই যােৱাটাে আপোনাৰ বাবে উত্তম হ’ব। খৰখেদাকৈ বা আৱেগিক হৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। আনৰ বিষয়ত হস্তক্ষেপ কৰিলে আপোনাৰ ক্ষতি হ’ব পাৰে। পাৰিবাৰিক বিষয়সমূহ বাহিৰৰ লোকৰ আগত প্ৰকাশ নকৰাটো উচিত। আপোনাৰ ভাষাৰ মধুৰতা বজাই ৰাখিব, তেতিয়াহে আপুনি সকলােৰে মন জয় কৰিব পাৰিব।
কুম্ভ ৰাশি: আপুনি সুখ-সুবিধাৰ প্ৰতি আগ্ৰহী হ’ব, কিন্তু ইয়াৰ বাবে আপুনি আলস্য এৰি পৰিশ্ৰম কৰা উচিত। বিভিন্ন ক্ষেত্ৰত আপুনি ভাল প্ৰদৰ্শন কৰিব পাৰিব আৰু প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰাত সফল হ’ব। আপোনাৰ ভাতৃসকলৰ লগত থকা মনোমালিন্য আলােচনাৰ মাজেৰে সমাধান কৰাৰ চেষ্টা কৰক। আজি কােনাে নতুন কাম আৰম্ভ নকৰিব, নহ’লে সমস্যাৰ সন্মুখীন হ’ব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে উচ্চ শিক্ষাৰ পথ মুকলি হ’ব।
মীন ৰাশি: আজিৰ দিনটো মীন ৰাশিৰ জাতক সকলৰ বাবে আয় বৃদ্ধিৰ সম্ভাৱনা লৈ আহিছে। আজি কেইজনমান অচিনাকী লােকৰ সৈতে পৰিচয় ঘটিব পাৰে। ঘৰত কোনো মাংগলিক অনুষ্ঠানৰ আয়োজনৰ ফলত আপোনাৰ ঘৰলৈ আত্মীয়-স্বজনৰ আগমন হ’ব। ইয়াৰ মাজতে আপুনি আপােনাৰ কামসমূহ সম্পূৰ্ণ কৰাৰ প্ৰচেষ্টা চলাই ৰাখিব।