প্ৰাণ দিও আনক দি গ’ল জীৱনদানঃ কেৰালাৰ ১০ মহীয়া শিশুৰ অংগদানেৰে ৰচিত হ’ল মানৱতাৰ এক অনন্য নিদৰ্শন

নিউজ ডেস্কঃ দুৰ্ঘটনাই কাঢ়ি নিয়া এটি ১০ মহীয়া কণমানিৰ অংগদানেৰে সোমবাৰে সমগ্ৰ দেশৰ বাবে এক সাহসিকতা আৰু মানৱতাৰ নিদৰ্শন দাঙি ধৰে এটি শোকাকুল পৰিয়ালে।

কেৰালাৰ পত্তনমতিট্টাৰ মাল্লাপালী নিবাসী অৰুণ আব্ৰাহাম আৰু শ্বেৰিন এন জনৰ কন্যা এলিন শ্বেৰিন আব্ৰাহামে এই দানৰ জৰিয়তে নিজ ৰাজ্যৰ কনিষ্ঠতম অংগদাতা হিচাপে পৰিগণিত হয়। দেওবাৰে এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা এলিনে চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰাৰ পিছতে শোকত ভাঙি পৰা পিতৃ-মাতৃয়ে আনৰ জীৱন বচাবলৈ এই মহান সিদ্ধান্ত গ্ৰহণ কৰে।

image 19
প্ৰাণ দিও আনক দি গ’ল জীৱনদানঃ কেৰালাৰ ১০ মহীয়া শিশুৰ অংগদানেৰে ৰচিত হ’ল মানৱতাৰ এক অনন্য নিদৰ্শন 3

চৰকাৰী অংগদান প্ৰক্ৰিয়া ‘কে-চট্ট’ৰ জৰিয়তে কণমানিজনীৰ বৃক্ক, যকৃত আৰু হৃদযন্ত্ৰৰ ভালভ দান কৰা হৈছে। প্ৰাপ্ত খবৰ অনুসৰি, এলিনৰ যকৃতটো তিৰুৱনন্তপুৰমত চিকিৎসাধীন হৈ থকা এগৰাকী ১০ বছৰীয়া শিশুক প্ৰদান কৰা হ’ব। পুতলা লৈ খেলাৰ বয়সতে পৃথিৱীৰ পৰা বিদায় লোৱা এলিনৰ এই অংগসমূহ পথৰ সহায়ত নিৰ্দিষ্ট চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে।

image 20
প্ৰাণ দিও আনক দি গ’ল জীৱনদানঃ কেৰালাৰ ১০ মহীয়া শিশুৰ অংগদানেৰে ৰচিত হ’ল মানৱতাৰ এক অনন্য নিদৰ্শন 4

চৰম দুখৰ সময়তো এলিনৰ পিতৃ-মাতৃয়ে লোৱা এই স্থিতিয়ে এতিয়া সকলোৰে চকু সেমেকাই তুলিছে। নিজৰ সন্তানক হেৰুৱাইও আনৰ সন্তানৰ মুখত হাঁহি বিৰিঙাবলৈ তেওঁলোকে যি সাহস প্ৰদৰ্শন কৰিলে, সেয়া মানৱ সমাজৰ বাবে এক চিৰস্মৰণীয় উদাহৰণ হৈ ৰ’ব।

উল্লেখ্য যে, অংগদানেৰে কেৰালাৰ আটাইতকৈ কনিষ্ঠতম অংগদাতা হিচাপে পৰিগণিত হোৱা কণমানি এলিনক সন্মান জনাই ৰাজ্য চৰকাৰে ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰে।

Leave a Comment