নিউজ ডেস্কঃ জেইই (মেইন), ২০২২ত দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰি উজ্বলি উঠিল অসমৰ এগৰাকী ছাত্ৰী।
স্নেহা পাৰিক নামৰ গুৱাহাটীৰ মেধাৱী শিক্ষাৰ্থীগৰাকীয়ে ১০০ স্ক’ৰ লাভ কৰি দখল কৰে শীৰ্ষস্থান।
লগতে এশ শতাংশ নম্বৰেৰে ৩০০ নম্বৰৰ পৰীক্ষাত ৩০০ নম্বৰে লাভ কৰা উত্তৰ-পূবৰ প্ৰথমগৰাকী ছাত্ৰী আৰু জেইই (মেইন)ৰ ইতিহাসত দ্বিতীয় গৰাকী ছাত্ৰী হিচাপেও পৰিগণিত হয় অসমৰ স্নেহা।

উল্লেখ্য যে, নেশ্যনেল টেষ্টিং এজেন্সিয়ে অনুষ্ঠিত কৰা জেইই (মেইন)ত স্নেহা পাৰিকৰ উপৰি দেশৰ মুঠ ১৪ গৰাকী পৰীক্ষাৰ্থীয়ে ১০০ স্ক’ৰ লাভ কৰে।
আনহাতে ২০২২ বৰ্ষৰ জেইই (মেইন)ৰ পৰীক্ষাৰ বাবে দেশৰ ৮.৭ লাখ শিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছিল যদিও পৰীক্ষাত অৱতীৰ্ণ হয় ৭.৬৯ লাখ শিক্ষাৰ্থীয়ে।

জেইই (মেইন)ত সফলতা প্ৰদৰ্শনৰ পিছত স্নেহাই আইআইটি বোম্বেত কম্পিউটাৰ বিজ্ঞান বিষয়ত উচ্চ শিক্ষা গ্ৰহণৰ ইচ্ছা ব্যক্ত কৰিছে।
চলিত বৰ্ষত শীৰ্ষস্থান দখল কৰা স্নেহা পাৰিকে ইয়াৰ পূৰ্বেও এবাৰ এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও সেইবাৰ তেওঁ বিফল হৈছিল।
কিন্তু কঠোৰ পৰিশ্ৰম আৰু প্ৰৱল ইচ্ছাশক্তিৰে পুনৰ তেওঁ জেইই (মেইন)ৰ পৰীক্ষাত অৱতীৰ্ণ হৈ দ্বিতীয়বাৰত সফলতা লাভ কৰে।
স্নেহাই জানিবলৈ দিয়া মতে, এই পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত তেওঁ দৈনিক ১২ ঘণ্টাকৈ অধ্যয়ন কৰিছিল।

গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী ৰাজীৱ কুমাৰ পাৰিক আৰু সবিতা পাৰিকৰ কন্যা স্নেহা পাৰিকে এইবাৰ গুৱাহাটীৰ সাই আৰ এন এছ একাডেমীৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে।
দশম শ্ৰেণীৰ পৰীক্ষাত ৯৫ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হোৱা স্নেহা পাৰিকে এনচিইআৰটিৰ কিতাপসমূহে সকলো বিষয় বুজি পোৱাত সহায় কৰিছিল বুলিও জানিবলৈ দিয়ে।
লগতে চাওকঃ
মেট্ৰিকত পাছ কৰিলে ভাল, কিন্তু ফেইল কৰিলেও আকাশখন খহি নপৰেঃ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত










