অসমঅসমীয়া

যােৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰাবাসত ছাত্ৰৰ ৰহস্যজনক মৃত্যু

নিউজ ডেস্ক। এক চাঞ্চল্যকৰ ঘটনা।

যােৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হােষ্টেলৰ শােৱনী কােঠাত ৰহস্যজনক মৃত্যু এজন ছাত্ৰৰ।

নিহাজুল নিহাজ নামৰ এই ছাত্ৰজনৰ ঘৰ কামৰূপৰ শুৱালকুছিৰ গন্ধমৌত বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, শুকুৰবাৰে পুৱা ছাত্ৰজনক সংজ্ঞাহীন অৱস্থাত শোৱাপাটীত উদ্ধাৰ কৰে হোষ্টেলৰ অন্য আবাসীয়ে।

এই ঘটনাক লৈ হােষ্টেলৰ আৱাসৰ মাজত হাহাকাৰ লাগে। ততাতৈয়াকৈ ছাত্ৰজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

76238bde a94a 4b29 821e 3adf994f3d45

ইতিমধ্যে ছাত্ৰজনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিচতহে নিহাজুল নিহাজৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব। কিন্তু প্ৰাৰম্ভিক তদন্তত ছাত্ৰজনে অত্যধিক নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ বাবেই মৃত্যুমুখত পৰা বুলি সন্দেহ কৰা হৈছে।

উল্লেখযোগ্য যে ২০১৯ বৰ্ষৰ এই ছাত্ৰজনে ‘বেক’ থকা বাবে এখন প্রশ্নকাকতৰ পৰীক্ষা দিবলৈ গন্ধমৌৰ পৰা যোৰহাটলৈ আহিছিল।