IPS অনীশ দয়াল সিঙক ITBPৰ সঞ্চালকপ্ৰধানৰ দায়িত্ব অৰ্পণ অসম সন্তান IPS এছ এল থাওছেনৰ…

নিউজ ডেস্কঃ ভাৰত-তীব্বত সীমান্ত আৰক্ষী (আইটিবিপি)ৰ নতুন সঞ্চালকপ্ৰধানৰূপে সোমবাৰে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰিলে আইপিএছ বিষয়া অনীশ দয়াল সিঙে।

লোধি ৰোডস্থিত আইটিবিপিৰ মুখ্য কাৰ্যালয়ত ১৯৮৮ বেচৰ আইপিএছ বিষয়া অনীশ দয়াল সিঙক সঞ্চালকপ্ৰধানৰ দায়িত্ব অৰ্পণ কৰে আইটিবিপিৰ অতিৰিক্ত সঞ্চালকপ্ৰধানৰ দায়িত্বত থকা আইপিএছ বিষয়া এছএল থাওচেনে।

উল্লেখ্য যে, যে চলিত বৰ্ষৰ আগষ্ট মাহত আইপিএছ বিষয়া সঞ্জয় আৰোৰাক দিল্লী আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি প্ৰদানৰ পিছত অসম সন্তান, আইপিএছ সুজয় লাল থাওচেনক আইটিবিপিৰ অতিৰিক্ত সঞ্চালকপ্রধানৰূপে নিযুক্তি দিয়া হৈছিল।

যোৱা ১ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে অনীশ দয়াল সিঙক আইটিবিপিৰ নতুন সঞ্চালক প্ৰধানৰূপে নিযুক্তি প্ৰদানৰ পিছতে সোমবাৰে তেওঁক মুখ্য কাৰ্যালয়ত দায়িত্ব গ্ৰহণৰ পূৰ্বে গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়।

image 33
IPS অনীশ দয়াল সিঙক ITBPৰ সঞ্চালকপ্ৰধানৰ দায়িত্ব অৰ্পণ অসম সন্তান IPS এছ এল থাওছেনৰ… 2

তাৰ পিছত জ্যেষ্ঠ বিষয়াসকলে তেওঁক বাহিনীৰ কাৰ্য্যকলাপ আৰু নিয়োগ সম্পৰ্কে এক প্ৰেজেণ্টেচন প্ৰদান কৰে।

উল্লেখ্য যে, ২০২৪ৰ ডিচেম্বৰলৈকে আইটিবিপিৰ সঞ্চালকপ্ৰধান ৰূপে কাৰ্যনিৰ্বাহ কৰিব আইপিএছ অনীশ দয়াল সিঙে।

ইফালে আইটিবিপিৰ অতিৰিক্ত দায়িত্বত থকা আইপিএছ এছএল থাওচেনক কেন্দ্ৰীয় চৰকাৰে চিআৰপিএফৰ সঞ্চালকপ্ৰধান ৰূপে নিযুক্তি প্ৰদান কৰিছে। তদুপৰি এছএছবিৰ সঞ্চালক প্ৰধানৰূপেও কাৰ্যনিৰ্বাহ কৰি আছে অসমৰ আইপিএছ বিষয়াগৰাকীয়ে।

আনহাতে মণিপুৰ কেডাৰৰ আইপিএছ বিষয়া অনীশ দয়াল সিঙে আইটিবিপিৰ ৩২নং ডি জি আৰু চোৰাংচোৱা ব্যুৰোত বিশেষ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।