অসম

IDOL কেলেংকাৰীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অপসাৰিত কৰা হ’ল কন্দৰ্প দাসক…

অৱশেষত কন্দৰ্প দাসক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অপসাৰণৰ সিদ্ধান্ত।

মঙলবাৰে দাসক অপসাৰণৰ সিদ্ধান্ত ল’লে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে।

IDOL কেলেংকাৰীৰ মূল অভিযুক্ত ৰূপে চিহ্নিত হৈছিল কন্দৰ্প দাস।

আইডলৰ প্ৰাক্তন সঞ্চালক আছিল কন্দৰ্প দাস।

ইউজিচিৰ স্বীকৃতিপ্ৰাপ্ত নোহোৱাকৈয়ে দাসে পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিছিল আইডলত।

এই চাঞ্চল্যকৰ তথ্য উন্মোচিত হৈছিল কেগৰ প্ৰতিবেদনত।

ছাত্ৰ-ছাত্ৰীৰ পৰা অস্বীকৃতিপ্ৰাপ্ত পাঠ্যক্ৰমৰ বাবদ দাসে সংগ্ৰহ কৰিছিল ৪০ কোটিৰো অধিক ধন।

এই তথ্য উন্মোচিত হোৱাৰ পিছতে তদন্ত কৰিবলৈ গঠন কৰা হৈছিল আয়োগ।

অসম আৰক্ষী প্ৰাক্তন উচ্চপদস্থ বিষয়া পল্লৱ ভট্টাচাৰ্যই এই সন্দৰ্ভত তদন্ত কৰি প্ৰতিবেদন দিছিল।

তাৰপাছতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে গ্ৰহণ কৰে অপসাৰণৰ সিদ্ধান্ত।

উল্লেখ্য যে, এই কেলেংকাৰীৰ বাবেই কন্দৰ্প দাসক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰাও অপসাৰিত কৰিছিল ৰাজ্যপাল জগদীশ মুখীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *