অসমৰ পৰা অপহৃত দুই ব্যৱসায়ীক পশ্চিম বংগৰ পৰা উদ্ধাৰ, গ্ৰেপ্তাৰ এজন অপহৰণকাৰী

নিউজ ডেস্ক। অসমৰ দুই অপহৃত ব্যৱসায়ীক উদ্ধাৰ পশ্চিম বংগ আৰক্ষীৰ।

অসম আৰক্ষীৰ সহযোগত লৈ অহা হ’ল চৰাইদেউ জিলাৰ সোণাৰি স্থিত স্বগৃহলৈ।

ঘটনাৰ বিৱৰণী অনুসৰি, অসমৰ সোণাৰি জিলাৰ বিতু চেতীয়া নামৰ ব্যৱসায়ীজনে নিজৰ এজন সতীৰ্থ চব্বীৰ আহমেদৰ লগত ফকলেণ্ড বাহন ক্ৰয় কৰিবলৈ গুৱাহাটীলৈ গৈছিল আৰু পৰ্যায়ক্ৰমে তেওঁলোকে বাহনখন আনিবলৈ পশ্চিম বংগৰ বৰ্দ্ধমান জিলাত গৈ উপস্থিত হৈছিল। য’ত তেওঁলোকৰ সৈতে যিসকল ব্যক্তিয়ে বাহন বিক্ৰী কৰাৰ কথা আছিল সেই ব্যক্তিসকলে তেওঁলোকক অপহৰণ কৰি পণবন্দী কৰি ৰাখে।

তাৰ পিছতে অপহৰণকাৰী চক্ৰটােৱে তেওঁলােকৰ পৰিয়ালৰ লোকলৈ ফোন কৰি ধন দাবী কৰে।

পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত চৰাইদেউ আৰক্ষীয়ে পশ্চিম বংগৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰি ইতিমধ্যে এজন অপহৰণকাৰীক আটক কৰি দুটাকৈ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছে।

লগতে দুই ব্যৱসায়ীক সুকলমে উদ্ধাৰ কৰি ঘৰলৈ লৈ আহে।

Leave a Comment