মৰ্মান্তিক! বিবাহ অনুষ্ঠানলৈ গৈ থকা সময়তে ট্ৰাক-বলেৰ’ৰ ভয়ংকৰ সংঘৰ্ষ, একেটা পৰিয়ালৰ ১১ সদস্যৰ মৃত্যু

নিউজ ডেস্কঃ বিবাহ অনুষ্ঠানত অংশ ল’বৰ বাবে গৈ থকা সময়তে সংঘটিত ভয়ংকৰ দুৰ্ঘটনাই মৃত্যুৰ বিভীষিকা নমাই আনিলে এটা পৰিয়াললৈ।

ছত্তীশগড়ৰ বালোড জিলাত বুধবাৰে নিশা সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লয় একেটা পৰিয়ালৰ ১১ জনকৈ সদস্যই।

জানিব পৰা মতে, পৰিয়ালটোৱে বিবাহ অনুষ্ঠানলৈ বুলি বলেৰ’ বাহনেৰে গৈ থকা সময়ত এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ ঘটে আৰু ১০ জনৰ থিতাতে মৃত্যু ঘটে।

আহত এটি ডেৰ বছৰীয়া শিশুক পৰৱৰ্তী সময়ত উদ্ধাৰ কৰি ৰায়পুৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও আধা বাটতে কৰুণ মৃত্যু ঘটে শিশুটিৰো।

বাতৰি অনুসৰি, ধামটাৰী জিলাৰ ছ’ৰেম গাঁৱৰ চাহু পৰিয়ালটো কাংকেৰলৈ গৈ আছিল।

বুধবাৰে নিশা প্ৰায় ৯.৩০ বজাত তেওঁৰ বাহনখন ৰাষ্ট্ৰীয় ঘাইপথ-৩০ৰ বালোডৰ জগাত্ৰাত উপস্থিত হয়।

ইফালে সন্মুখৰ পৰা অহা ট্ৰাকখনে বলেৰ’ গাড়ীখনত খুন্দা মাৰে।

দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰা ট্ৰাক চালকজনৰ সন্ধান বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

দুৰ্ঘটনাত নিহত সকলক ধৰ্মৰাজ চাহু, ঊষা বাই চাহু, কেশৱ চাহু, টমিন বাই চাহু, লক্ষ্মী বাই চাহু, মিছ ৰামা চাহু, শৈলেন্দ্ৰ চাহু, সন্ধ্যা চাহু, ইশান্ত চাহু, চালক দমেশ ধ্ৰুৱ আৰু যোগায়ংশ চাহু বুলি চিনাক্ত কৰা হৈছে।

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বঘেলে এই দুৰ্ঘটনাত শোক প্ৰকাশ নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।