নিউজ ডেস্কঃ খাকী পোছাকধাৰী সুৰাসক্ত আৰক্ষীৰ গাড়ীৰ তলত পিষ্ট হৈ মৃত্যুক সাৱটিলে এগৰাকী যুৱতীয়ে। বুধবাৰে নিশা হাৰিয়ানাৰ আম্বালা কেণ্টনমেণ্টত সংঘটিত এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় গুৰগাঁৱৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত নিকিতা বাজাজ নামৰ যুৱতীগৰাকীয়ে। হাৰিয়ানা আৰক্ষীৰ এজন হেড কনিষ্টবলে নিচাসক্ত অৱস্থাত চলোৱা হোণ্ডা চিটী বাহনখনে এখন ই-ৰিক্সাত পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়।
প্ৰাপ্ত তথ্য অনুসৰি, নিশা প্ৰায় ৮:৩০ বজাত নিকিতা আৰু তেওঁৰ ভাতৃ হৰ্ষ বাজাজে এক পাৰিবাৰিক অনুষ্ঠানত অংশ ল’বলৈ আম্বালা চিটীলৈ গৈ আছিল। কালী পল্টন দলঙৰ সমীপত তীব্ৰবেগী বাহনখনে খুন্দা মৰাৰ ফলত নিকিতা ৰাস্তাত চিটিকি পৰে আৰু গাড়ীখনে তেওঁৰ ওপৰেৰে পাৰ হৈ যায়। দুৰ্ঘটনাৰ পাছতে স্থানীয় ৰাইজে আৰক্ষী কনিষ্টবল অমিত কুমাৰক কৰায়ত্ত কৰি আৰক্ষীৰ হাতত গতাই দিয়ে।

ট্ৰমা চেণ্টাৰত চিকিৎসকে নিকিতাক মৃত ঘোষণা কৰাৰ পাছতে হাস্পতাল চৌহদত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। নিকিতাৰ পিতৃ যশপাল বাজাজে অভিযোগ কৰিছে যে অভিযুক্ত কনিষ্টবলজনে মদ্যপান কৰি থকাৰ পাছতো আৰক্ষীয়ে নিজৰ সতীৰ্থক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে। আত্মীয়সকলে সংবাদ মাধ্যমৰ উপস্থিতিত অভিযুক্তৰ স্বাস্থ্য পৰীক্ষা কৰাৰ দাবীত নিশা হাস্পতালত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। নিকিতা বিগত চাৰি বছৰ ধৰি গুৰগাঁৱত চাকৰি কৰি আছিল।
বৰ্তমান আৰক্ষীয়ে অভিযুক্ত হেড কনিষ্টবল অমিত কুমাৰক গ্ৰেপ্তাৰ কৰি সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। লালকুৰ্টি আৰক্ষী থানাত কৰ্মৰত এই কনিষ্টবলজনৰ বিৰুদ্ধে গাফিলতিৰ গোচৰ ৰুজু কৰা হৈছে। এই দুৰ্ঘটনাই এতিয়া সমগ্ৰ আম্বালা অঞ্চলত আৰক্ষীৰ দায়িত্বহীনতাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।









