GNRC-ত ভয়ংকৰ কাণ্ড! মহিলাৰ সলনি পৰিয়ালক চমজাই দিলে পুৰুষৰ মৃতদেহ…

উত্তৰ গুৱাহাটীৰ GNRC হাস্পতালত ভয়ংকৰ কাণ্ড।

মহিলাৰ মৃতদেহৰ সলনি পৰিয়ালক চমজাই দিয়া হ’ল পুৰুষৰ মৃতদেহ।

জ্যোতিকা বসুমতাৰীৰ মৃতদেহ আনিবলৈ আজি পুৱা চিকিৎসালয়লৈ গৈছিল পৰিয়ালৰ লোক।

কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই জ্যোতিকা বসুমতাৰীৰ সলনি পৰিয়ালৰ লোকক চমজাই দিলে অন্য পুৰুষৰ মৃতদেহ।

সৎকাৰ কৰিবলৈ লওঁতেই পোহৰলৈ আহে এই ভয়ংকৰ কাণ্ড।

GNRC হাস্পতালৰ এই অবিবেচক কাণ্ডই সম্প্ৰতি সৃষ্টি কৰিছে চাঞ্চল্যৰ।