শোকাবহ! অভাৰটেকৰ সময়তে দুখন যাত্ৰীবাহী বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ, ৩ জনৰ মৃত্যু

নিউজ ডেস্কঃ অভাৰটেকৰ সময়তে দুখন বাছৰ মাজত সংঘটিত সংঘৰ্ষত থিতাতে নিহত ৩ জনকৈ যাত্ৰী।

দেওবাৰে পুৱা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় নয়ডাৰ ১৫৭নং ছেক্টৰৰ সমীপত।

জানিব পৰা মতে, মধ্যপ্ৰদেশৰ পৰা দিল্লী অভিমুখে গৈ থকা এখন যাত্ৰীবাহী বাছে প্ৰতাপগড়ৰ পৰা আনন্দ বিহাৰ অভিমুখে গৈ থকা আন এখন বাছক অভাৰটেক কৰিবলৈ চেষ্টা কৰাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দুয়োখন বাছৰ মাজত সংঘৰ্ষ হয়।

এই ভয়ংকৰ দুৰ্ঘটনাত দুয়োখন বাছৰ ৩ জন যাত্ৰীৰ থিতাতে মৃত্যু ঘটাৰ লগতে আন ১০ জন গুৰুতৰভাৱে আহত হয়।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

চিকিৎসকে আহত দুজনৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।