গুৱাহাটী

GMCHত চাঞ্চল্যকৰ ঘটনা! নিজ শৰীৰত বিষাক্ত ইনজেকশ্যন লৈ এজন কৰ্মচাৰীৰ চৰম সিদ্ধান্ত…

নিউজ ডেস্ক। গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

নিজ শৰীৰত বিষাক্ত বেজী লৈ এজন কৰ্মচাৰীৰ ল’লে জীৱনৰ চৰম সিদ্ধান্ত।

হাস্পতালৰ আই.চি.ইউৰ টেকনিচিয়ান এগৰাকীয়ে সংঘটিত কৰিছে এই চাঞ্চল্যকৰ ঘটনা।

image 103

আত্মহত্যা কৰা কৰ্মচাৰীজন নলবাৰীৰ কমাৰকুছিৰ পাপু দাস বুলি জানিব পৰা গৈছে।

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত তিনি সপ্তাহ পূৰ্বে কৰ্মত যোগদান কৰিছিল পাপু দাসে।

পাপু দাসৰ এনে ৰহস্যজনক মৃত্যুৰ ঘটনাই হাহাকাৰ লগাইছে পৰিয়ালত।

এই ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটনৰ বাবে আহ্বান জনাইছে পাপু দাসৰ পৰিয়ালৰ লােকে।