অসম

মহানগৰীৰ ছয়মাইলৰ সুৰাৰ বিপনীত নিশা বিধ্বংসী অগ্নিকাণ্ড…

মহানগৰীৰ ছয়মাইলত নিশা বিধ্বংসী অগ্নিকাণ্ড।

গুৱাহাটী মহানগৰীৰ ছয়মাইল উৰণীয়া সেতুৰ তলৰ এখন সুৰাৰ বিপনীত সংঘটিত হয় এই অগ্নিকাণ্ড।

অগ্নিকাণ্ডত ভস্মীভূত হয় সুৰাৰ বিপণিখন।

নিমিষতে ক’লা ধোঁৱাই আগুৰি ধৰে সুৰাৰ বিপণিখন।

বিপণিখনত মজুত আছিল ৮ লক্ষাধিক টকাৰ সুৰা।

অৱশেষত তিনিওখন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ তৎপৰতাত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

এই অগ্নিকাণ্ড প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও প্ৰাৰম্ভিক তথ্য অনুসৰি শ্বৰ্টচাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে।