অসম
GMCHৰ ICUত চিকিৎসাধীন বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মা, নৰিয়া দেহাৰে গালে ভূপেনদাৰ মানুহে মানুহৰ বাবে…

GMCHৰ ICUত চিকিৎসাধীন বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মা।
অসুস্থ হৈয়ো যেন অক্লান্ত কণ্ঠ বিশিষ্ট শিল্পীগৰাকীৰ।
অসুস্থতাৰ মাজতে হাস্পতালৰ বিচনাত গুণগুণাইছে জ্যেষ্ঠ ভাতৃ ভূপেন হাজৰিকাৰ গান।
নৰিয়া দেহাৰে ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক গীতটো গুণগুনালে বিশিষ্ট শিল্পীগৰাকীয়ে।
জানিব পৰা মতে, স্নানগাৰত পৰি আঘাত পাইছিল শিল্পীগৰাকীয়ে।
তাৰ পিছতে ঘৰতে শয্যাশায়ী হৈ আছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বিশিষ্ট শিল্পীগৰাকীক।