জীৱন-মৃত্যুৰে যুঁজিছে মৰিয়নীত ৰে’লৰ খুন্দাত আহত হাতীজনী, সোপাধিলা ভূমিকা বিয়াগোম বন বিভাগৰ…

জীৱন-মৃত্যুৰে যুঁজিছে মৰিয়নীত ৰে’লৰ খুন্দাত আহত হাতীজনীয়ে।

২৪ ঘণ্টা উকলি যোৱাৰ পিছতো হাতীটো উদ্ধাৰত ব্যৰ্থ হৈছে ৰাজ্যৰ বিয়াগোম বন বিভাগ।

তিতাবৰৰ খৰিকটীয়াত তীব্ৰ বেগী ৰে’লৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল বন্যহস্তীৰ মাক আৰু পোৱালি।

তীব্ৰ বেগী ৰে’লৰ খুন্দাত মৃত্যু হয় পোৱালী হাতীটোৰ। আনহাতে গুৰুতৰভাৱে আঘাত পোৱাত জীৱন-মৃত্যুৰে যুঁজিছে আনটো হাতী।

1118
জীৱন-মৃত্যুৰে যুঁজিছে মৰিয়নীত ৰে’লৰ খুন্দাত আহত হাতীজনী, সোপাধিলা ভূমিকা বিয়াগোম বন বিভাগৰ... 2

নামনিমুৱা ৰাজধানী এক্সপ্রেছৰ খুন্দাত গুৰুতৰভাৱে আহত হয় মাতৃ-পুত্র।

সোমবাৰে প্রতিকূল বতৰৰ বাবে আধাতে উদ্ধাৰ অভিযান সামৰিলে বন বিভাগে।

যাৰ ফলত বাগিচাৰ মাজৰ এটি বোকাময় জুৰিত অৱস্থান লৈ জীৱন-মৃত্যুৰে যুঁজিছে হাতীজনীয়ে। আনাহাতে, উপযুক্ত চিকিৎসা প্রদানত ব্যৰ্থ হৈছে বন বিভাগ।

২৪ ঘন্টা উকলি যোৱাৰ পাছতো হাতীটোক উদ্ধাৰৰ ক্ষেত্ৰত সোপাধিলা ভূমিকা বিয়াগোম বন বিভাগৰ।