নিউজ ডেস্কঃ চৰম মানসিক দুশ্চিন্তা নে অন্য কোনো কাৰণ? একেলগে ৫ গৰাকীকৈ কিশোৰীয়ে আত্মহননৰ পথ বাছি লোৱা ঘটনাই বিহাৰৰ ঔৰংগাবাদ জিলাত সৃষ্টি কৰিছে এক চাঞ্চল্যঘন পৰিৱেশৰ। ঔৰংগাবাদ জিলাৰ হচপুৰা থানাৰ অন্তৰ্গত চাইদপুৰ গাঁৱত ঘটা এই শোকাৱহ কাণ্ডই সমগ্ৰ অঞ্চলটোতে এতিয়া আতংকৰ ছাঁ পেলাইছে। ৫ গৰাকী কিশোৰীয়ে একেলগে বিষপান কৰাৰ ফলত ৪ গৰাকীৰ মৃত্যু হোৱাৰ ঘটনাই এতিয়া চহৰখনৰ সচেতন মহলকো স্তব্ধ কৰি তুলিছে।
যোৱা ২৯ জানুৱাৰীত গাঁওখনৰ ৫ গৰাকী কিশোৰী বন্ধুৱে গাঁৱৰ বাহিৰত থকা এটা পুখুৰীৰ পাৰত বহি থকাৰ সময়তে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে। বিষপান কৰাৰ পাছত এগৰাকী কিশোৰীয়ে কোনোমতে ঘৰলৈ গৈ পৰিয়ালক জনোৱাত তেওঁৰ প্ৰাণ ৰক্ষা পৰে যদিও বাকী ৪ গৰাকী কিশোৰীৰ ওচৰৰে ঘেঁহু পথাৰ এখনত কৰুণ মৃত্যু ঘটে। এই ঘটনাৰ আটাইতকৈ ৰহস্যজনক দিশটো হ’ল যে আৰক্ষীক কোনো ধৰণৰ খবৰ নিদিয়াকৈয়ে মৃত কিশোৰী কেইগৰাকীৰ পৰিয়ালে গোপনে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি দিয়ে।
স্থানীয় লোকৰ মতে, সামাজিক লজ্জা অথবা আৰক্ষীৰ ভয়ত পৰিয়ালসমূহে মৃতদেহসমূহ একে ঠাইত সৎকাৰ কৰি এই জঘন্য ঘটনাক গাপ দিয়াৰ চেষ্টা চলাইছিল। দেওবাৰে এই বিষয়টো পোহৰলৈ অহাৰ পাছতে মহকুমা আৰক্ষী বিষয়া অশোক কুমাৰ দাসৰ নেতৃত্বত এটা দলে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ আগমনৰ উমান পাই গাঁওখনৰ পুৰুষসকল পলায়ন কৰাৰ লগতে মহিলাসকলেও এই বিষয়ত মুখ খুলিবলৈ মান্তি হোৱা নাই।
উল্লেখযোগ্য যে ২০২২ চনতো এই ঔৰংগাবাদ জিলাৰে চিৰৈলা গাঁৱত ৬ গৰাকী কিশোৰীয়ে একেলগে বিষপান কৰিছিল, য’ত ৫ গৰাকীৰ মৃত্যু হৈছিল। বৰ্তমান আৰক্ষীয়ে চিকিৎসাধীন হৈ থকা কিশোৰীগৰাকীক জেৰা কৰি প্ৰকৃত সত্য উদঘাটনৰ চেষ্টা চলাইছে। কি পৰিস্থিতিত কিশোৰী কেইগৰাকীয়ে এনে চৰম পদক্ষেপ ল’বলৈ বাধ্য হ’ল আৰু কিয় পৰিয়ালে আৰক্ষীক খবৰ নিদিয়াকৈ সৎকাৰ কৰিলে, সেই সকলোবোৰ দিশ আৰক্ষীয়ে এতিয়া খৰচি মাৰি তদন্ত কৰিছে।









