মৰ্মান্তিক! ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল পিতৃ-মাতৃ আৰু তিনি সন্তানৰ…

নিউজ ডেস্কঃ পৰিয়ালৰ সৈতে অৱসৰৰ মুহূৰ্ত উদযাপনৰ বাবে যোৱাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল পিতৃ-মাতৃ আৰু তিনি সন্তানে।

শনিবাৰে এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় কৰ্ণাটকৰ ৰামনগৰা জিলাৰ চান্নাপটনা তালুকৰ লাম্বানী টাণ্ডাৰ সমীপৰ বাংগালুৰু-মহীশূৰ এক্সপ্ৰেছৱে’ত।

দুৰ্ঘটনাত কেঙেৰী নিৱাসী ৰবি পূজাৰ (৪৫), পত্নী লক্ষ্মী পূজাৰ (৪০) আৰু তেওঁলোকৰ তিনি সন্তান ইঞ্চৰা পূজাৰ (১৫), শান্তলা পূজাৰ (১০) আৰু ছিৰি পূজাৰ (৩)ৰ কৰুণ মৃত্যপ ঘটে।

জানিব পৰা মতে, পৰিয়ালটোৱে মহীশূৰ জিলাৰ টি নৰসীপুৰালৈ গৈ থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অধিক গতিত গাড়ী চলোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।

পৰিয়ালটোৱে যাত্ৰা কৰা বাহখনে দ্ৰুতবেগৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহ এখন এছএউভিত খুন্দা মাৰে।

দুৰ্ঘটনাৰ ফলত সেই সময় গাড়ী চলাই থকা ৰবি পূজাৰৰ থিতাতে মৃত্যু ঘটে।

ইফালে আৰক্ষীয়ে আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় ৰবি পূজাৰৰ পত্নী আৰু তিনি সন্তানে।