
মৰ্মান্তিক! নতুনকৈ গাড়ী চলাবলৈ শিকা পুত্ৰই নিয়্ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰিলে কালভাৰ্টত, পিতা-পুত্ৰৰ মৃত্যু
নিউজ ডেস্কঃ নতুনকৈ গাড়ী শিকি থকা পুত্ৰই গাড়ীৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাত পথৰ দাঁতিৰ কালভাৰ্টত খুন্দা মাৰি কৰুণ মৃত্যুক সাৱটিলে পিতা-পুত্ৰই।
বৃহস্পতিবাৰে পুৱা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় তেলেংগানাৰ নালগোণ্ডাৰ উপকণ্ঠ অঞ্চলৰ ৩৬৫ নং ৰাষ্ট্ৰীয় ঘাইপথত।
দুৰ্ঘটনাত নিহত পিতা-পুত্ৰহালক বি ৰাজেশ প্ৰভু (৬৫) আৰু আৰ স্বামীনাথ (১৯) বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, জংগাঁও নিৱাসী পিতা-পুত্ৰই পুৱা কোনো কামত হায়দৰাবাদ অভিমুখে গৈ আছিল নিজৰ চাৰিচকীয়া গাড়ীৰে।
যোৱাৰ পৰত গাড়ীখন চলাইছিল নতুনকৈ গাড়ী চলাবলৈ শিকা স্বামীনাথে।
যাৰ বাবে যুৱকজনে গাড়ীৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাই আৰু পথৰ দাঁতিৰ কালভাৰ্টত প্ৰচণ্ড জোৰে খুন্দা মাৰে।
এই দুৰ্ঘটনাত পিতা-পুত্ৰ দুয়োৰে থিতাতে মৃত্যু ঘটে।
পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।





