EDৰ অভিযানত কোটি কোটি টকাৰ পাহাৰ উদ্ধাৰ হোৱা কোন এই অৰ্পিতা মুখাৰ্জী? জানক সৱিশেষ…

নিউজ ডেস্কঃ শিক্ষক নিযুক্তি কেলেংকাৰীৰ তদন্ত চলাই শুকুৰবাৰে পশ্চিমবংগৰ কেইবাটাও স্থানত তালাচী অভিযান চলায় কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিয়ে। পুৱা তদন্তকাৰী দলে পশ্চিম বংগ চৰকাৰৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ নকতলাস্থিত বাসগৃহত অভিযান চলায়।

এই অভিযানকালত ইডিৰ তদন্তকাৰী দলে ১১ ঘণ্টা ধৰি জেৰা চলায় পাৰ্থ চেটাৰ্জীক। তাৰ পিছতে নিশাৰ ভাগত মন্ত্ৰীগৰাকীৰ ঘনিষ্ঠ হিচাপে পৰিচিত মডেল তথা অভিনেত্ৰী অৰ্পিতা মুখাৰ্জীৰ টলিগঞ্জস্থিত বাসগৃহত অভিযান আৰম্ভ কৰে অভিযানকাৰী দলটোৱে।

image 233
EDৰ অভিযানত কোটি কোটি টকাৰ পাহাৰ উদ্ধাৰ হোৱা কোন এই অৰ্পিতা মুখাৰ্জী? জানক সৱিশেষ… 5

ইডিৰ এই অভিযানতে অৰ্পিতা মুখাৰ্জীৰ বাসগৃহৰ পৰা উদ্ধাৰ হয় নগদ ধনৰ পাাহাৰ। তদন্তকাৰী দলে ২০ কোটি টকা নগদ ধনৰ লগতে জব্দ কৰে ২০ টা মোবাইল ফোন। জব্দকৃত ধন গণনা কৰিবলৈ তিনিটা মেচিন ব্যৱহাৰ কৰা বুলি ইডিৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

image 234
EDৰ অভিযানত কোটি কোটি টকাৰ পাহাৰ উদ্ধাৰ হোৱা কোন এই অৰ্পিতা মুখাৰ্জী? জানক সৱিশেষ… 6

কিন্তু পশ্চিমবংগৰ এগৰাকী সাধাৰণ মডেল অৰ্পিতাৰ বাসগৃহত ইমানবোৰ টকা কেনেকৈ উদ্ধাৰ হ’ল তাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ইডিৰ সূত্ৰ অনুসৰি, অৰ্পিতা মুখাৰ্জী ৰাজ্য চৰকাৰৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ হিচাপে পৰিচিত। আৰু এই ঘনিষ্ঠতাৰ আঁত ধৰিয়েই শুকুৰবাৰে নিশা অভিযান চলাইছিল ইডিয়ে।

অৰ্পিতা মুখাৰ্জীৰ বাসগৃহৰ পৰা ইডিৰ অভিযানত নগদ ধনৰ লগতে বিদেশী মুদ্ৰা আৰু সোণ উদ্ধাৰ হোৱা বুলিও জানিব পৰা গৈছে। এগৰাকী সাধাৰণ আৰু অল্প জনপ্ৰিয় মডেলৰ ঘৰত ইমান পৰিমাণৰ ধন কেনেকৈ উদ্ধাৰ হ’ল, সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে।

photo1658553212
EDৰ অভিযানত কোটি কোটি টকাৰ পাহাৰ উদ্ধাৰ হোৱা কোন এই অৰ্পিতা মুখাৰ্জী? জানক সৱিশেষ… 7

প্ৰণিধানযোগ্য যে, অৰ্পিতাই বাংলা ভাষাৰ লগতে তামিল আৰু ওড়িয়া চিনেমাতো অভিনেত্ৰী হিচাপে কাম কৰি আহিছে। অৱশ্যে অভিনেত্ৰী হিচাপে সিমান জনপ্ৰিয়তা তেওঁ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।

ইডিৰ সূত্ৰ অনুসৰি, নকতলা উদয়ন সংঘৰ পূজাৰ সময়ত মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ সৈতে প্ৰথম পৰিচয় ঘটিছিল অৰ্পিতাৰ। আৰু তাৰ পিছতে তেওঁলোক দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পায়। টলিগঞ্জৰ কৰুণাময়ীৰ অভিজাত হাই-ৰাইজ ডাইমণ্ড ৰেচিডেন্সত দুটা ফ্লেটৰ গৰাকী অৰ্পিতা। ইডিৰ সূত্ৰ অনুসৰি, কলকতাৰ আন বহু প্ৰান্ততো ঘৰ আছে অৰ্পিতাৰ।

image 236
EDৰ অভিযানত কোটি কোটি টকাৰ পাহাৰ উদ্ধাৰ হোৱা কোন এই অৰ্পিতা মুখাৰ্জী? জানক সৱিশেষ… 8

২০১১ চনত অৰ্পিতাই ‘বিদেহীৰ ছোখে ৰবীন্দ্ৰনাথ’ শীৰ্ষক এখন ধাৰাবাহিকত অভিনয় কৰিছিল। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৯ বছৰ। সেই বছৰতে তদানীন্তন উদ্যোগ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ সৈতে অৰ্পিতাৰ পৰিচয় ঘটিছিল। ২০১৭ চনত অৰ্পিতাই ‘চিন্নামা লাভ’ নামৰ এখন তামিল চিনেমাত অভিনয় কৰিছিল। লগতে কেইবাখনো ওড়িয়া ছবিতো অভিনয় কৰিছিল তেওঁ।

ইয়াৰ পূৰ্বে উদ্যোগ মন্ত্ৰীৰ ঘনিষ্ঠ এইগৰাকী অভিনেত্ৰীয়ে জীত-স্বাস্থিকা অভিনীত ‘পাৰ্টনাৰ’ আৰু প্ৰসেনজিৎ চেটাৰ্জীৰ ‘মামা ভাগিন’ ছবিতো সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। ‘জোৰ যাৰ মুল্লুক তাৰ’ নামৰ আন এখন সুপৰিচিত টলীউডৰ ছবিৰ উপৰিও বৰ্তমান ২৮ বছৰীয়া বিতৰ্কিত অভিনেত্ৰীগৰাকীয়ে কেইবাটাও প্ৰডাক্টৰ মডেলিং কৰাও দেখা গৈছে।