মধ্য আকাশত দেৱদূতৰ ৰূপত অৱতীৰ্ণ এগৰাকী চিকিৎসকঃ ৰক্ষা কৰিলে সেনা জোৱানৰ জীৱন

নিউজ ডেস্কঃ মধ্য আকাশত বিমানত হঠাতে হৃদৰোগত আক্ৰান্ত হোৱা এজন সেনা জোৱানক নিজৰ কৰ্তব্যনিষ্ঠাৰ জৰিয়তে নতুন জীৱন দিলে এগৰাকী চিকিৎসকে। যোৱা ৩১ জানুৱাৰীত বাগডোগৰাৰ পৰা দিল্লী অভিমুখী আকাচা এয়াৰৰ কিউপি ১৮০৭ বিমানত এগৰাকী কৰ্তব্যৰত সেনা জোৱান হঠাতে অচেতন হৈ পৰে। জোৱানগৰাকীৰ ৰক্তচাপ আৰু নাড়ীৰ স্পন্দন নোহোৱা হৈ পৰাত বিমানখনৰ ভিতৰতে এক জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হয়।

WhatsApp Image 2026 02 06 at 11.26.06 PM
মধ্য আকাশত দেৱদূতৰ ৰূপত অৱতীৰ্ণ এগৰাকী চিকিৎসকঃ ৰক্ষা কৰিলে সেনা জোৱানৰ জীৱন 3

তেনে সময়তে বিমানখনত যাত্ৰা কৰি থকা গেংটকৰ এছটিএনএম চিকিৎসালয়ৰ মুখ্য পৰামৰ্শদাতা স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ উত্তম খাৰকাই লগে লগে সঁহাৰি জনায়। তেওঁৰ সৈতে এগৰাকী চকু চিকিৎসক আৰু কৰ্ণাটকৰ এগৰাকী নাৰ্চিং কৰ্মীও এই অভিযানত জড়িত হয়। চিকিৎসকৰ দলটোৱে যাত্ৰীগৰাকীক ককপিটৰ ওচৰলৈ নি চিপিআৰ, অক্সিজেন আৰু জৰুৰীকালীন ঔষধ প্ৰদান কৰে। প্ৰায় ১৫-২০ মিনিটৰ নিৰন্তৰ চেষ্টাৰ পাছত জোৱানগৰাকীয়ে জ্ঞান ঘূৰাই পায়।

WhatsApp Image 2026 02 06 at 11.25.55 PM
মধ্য আকাশত দেৱদূতৰ ৰূপত অৱতীৰ্ণ এগৰাকী চিকিৎসকঃ ৰক্ষা কৰিলে সেনা জোৱানৰ জীৱন 4

পৰিস্থিতিৰ গুৰুত্ব বুজি পাইলটে বাৰাণসী বিমানবন্দৰত বিমানখন জৰুৰীকালীন অৱতৰণ কৰোৱায়। তাৰ পাছতে সম্পূৰ্ণ সচেতন আৰু সুস্থিৰ অৱস্থাত জোৱানগৰাকীক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এই সফল জীৱন ৰক্ষাৰ অভিযানৰ পাছত ডাঃ খাৰকাই সন্তুষ্টি প্ৰকাশ কৰি কয়, “এজন দেশপ্ৰেমিক সেনা জোৱানৰ জীৱন ৰক্ষা কৰিবলৈ পাই মই ঈশ্বৰৰ ওচৰত কৃতজ্ঞ। জীৱন অতি অনিশ্চিত, কিন্তু বিপদৰ সময়ত কাৰোবাক সহায় কৰিবলৈ সুযোগ পোৱাটো মোৰ বাবে গৌৰৱৰ কথা।”

Leave a Comment