অসম

এক লাখ নিযুক্তি হ’বই, এইক্ষেত্ৰত চেলেঞ্জ কৰি লাভ নাই, গ’ল খাই যাবঃ মুখ্যমন্ত্ৰী…

এক লাখ নিযুক্তি হ’বই, এইক্ষেত্ৰত চেলেঞ্জ কৰি লাভ নাই, গ’ল খাই যাব মই কৈছো এক লাখৰ এটাও কম নহয়।

অসম বিধানসভাৰ মজিয়াত নিজৰ ভাষণত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ লগতে কয়- মোক চেলেঞ্জহে কৰিব লাগে যে, এক লাখ কিয়, দুই লাখ দিয়ক, দুই লাখ কিয় পাঁচ লাখ দিয়ক বুলি।

260

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘১০ মে’ৰ পৰা ১০ জুনলৈ কৰ্মযজ্ঞ আমি পাতিম৷ এক লাখ জুনত নহ’লেও মই জুলাই নিযুক্তি দি শেষ কৰিম৷ আৰক্ষী, স্বাস্থ্য আদি বিভাগত নিযুক্তি পৰীক্ষা হ’ব আৰু নিযুক্তিও হৈ থাকিব।

উল্লেখ্য যে, মঙলবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ১ লাখ চাকৰিৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া আগবঢ়ায়।

শইকীয়াই কয় যে, ‘১ লাখ নিযুক্তি সন্দৰ্ভত আজি প্ৰশ্ন সুধিছিলো। মোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অপৰাগ হ’ল চৰকাৰ। বিভাগৰ হাতত তথ্য নাই বুলি উল্লেখ কৰিছিলো। এই চৰকাৰে যোৱা ৬ বছৰে ১ লাখ ৭ হাজাৰ ৪৯টা পদ খালী কৰি ৰাখিছে।’

লগতে চাওকঃ

শােকাৱহ! তীব্রবেগী আল্ট্ৰা বাছৰ খুন্দাত বিজেপি নেত্ৰীসহ দুই স্কুটি আৰোহীৰ মৃত্যু

G9 2

Leave a Reply

Your email address will not be published. Required fields are marked *