দৈনিক ৰাশিফলঃ ২০ জানুৱাৰী, মঙলবাৰ
মেষ ৰাশি- আপোনাৰ বাবে দিনটো যথেষ্ট শুভ হ’ব। কৰ্মক্ষেত্ৰত কোনো নতুন দায়িত্ব লাভ কৰিব আৰু ইয়াৰ জৰিয়তে ভৱিষ্যতে উপকৃত হ’ব। পৰিয়ালৰ সদস্যৰ সৈতে থকা মনোমালিন্য দূৰ হ’ব। আৰ্থিক দিশত উন্নতিৰ যোগ আছে। অৱশ্যে স্বাস্থ্যৰ প্ৰতি সামান্য সতৰ্ক হ’ব লাগিব।
বৃষ ৰাশি- দিনটোত আৰ্থিক লেনদেনৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰিব লাগিব। কোনো অচিনাকি ব্যক্তিৰ সৈতে নতুনকৈ ব্যৱসায়িক চুক্তি নকৰাই ভাল। কাৰ্যালয়ত সহকৰ্মীৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো মধুৰ হ’ব। সন্ধিয়া বন্ধুৰ আগমন ঘটিব পাৰে।
মিথুন ৰাশি- শিক্ষাৰ্থীসকলৰ বাবে দিনটো অনুকূল বুলি বিবেচিত হ’ব। কোনো নতুন বিষয় অধ্যয়নৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। ব্যৱসায়িক লেনদেনত লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। পুৰণি বন্ধুৰ পৰা সহায় লাভ কৰিব। ঘৰত মাংগলিক অনুষ্ঠান হোৱাৰ পৰিকল্পনা চলিব পাৰে।
কৰ্কট ৰাশি- আপুনি আজি আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব। কৰ্মক্ষেত্ৰত উৰ্ধতন বিষয়াৰ পৰা কিছু মানসিক চাপ অনুভৱ কৰিব পাৰে। ভ্ৰমণৰ সময়ত সাৱধানতা অৱলম্বন কৰিব। খৰচ বৃদ্ধি হোৱাৰ বাবে মানসিক চিন্তা থাকিব। ধৈর্য ধৰিলেহে সফলতা লাভ কৰিব।
সিংহ ৰাশি- সমাজত আপোনাৰ মান-মৰ্যাদা বৃদ্ধি পাব। কোনো সামাজিক অনুষ্ঠানত নেতৃত্ব দিয়াৰ সুযোগ লাভ কৰিব। সন্তানৰ দিশৰ পৰা সুখবৰ লাভ কৰিব পাৰে। বিবাহৰ কথা চলি থকাসকলৰ বাবে দিনটো শুভ। আৰ্থিক বিনিয়োগৰ পৰা লাভান্বিত হোৱাৰ যোগ আছে।
কন্যা ৰাশি- আপুনি কোনো ধৰণৰ বিবাদত লিপ্ত নহ’ব। কথা কওঁতে সংযম ৰক্ষা কৰাটো অত্যন্ত প্ৰয়োজনীয়। চাকৰিৰ সন্ধানত থকাসকলৰ বাবে দিনটোৱে নতুন আশা কঢ়িয়াই আনিব। পৈত্রিক সম্পত্তিৰ পৰা লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ প্ৰতি অধিক যতন ল’ব।
তুলা ৰাশি- দিনটো আনন্দ আৰু উল্লাসৰ মাজেৰে অতিবাহিত হ’ব। আপোনাৰ সৃজনীমূলক কামৰ বাবে সন্মানিত হ’ব পাৰে। ব্যৱসায়ত নতুন অংশীদাৰ অন্তৰ্ভুক্ত কৰিব পাৰে। ধৰ্মীয় কাম-কাজত অংশগ্ৰহণ কৰি মানসিক শান্তি লাভ কৰিব। অবিবাহিতসকলৰ বিবাহৰ যোগ দেখা যায়।
বৃশ্চিক ৰাশি- আজিৰ দিনটোত আপুনি বিশেষভাৱে সাৱধান হোৱাৰ প্ৰয়োজন আছে। কৰ্মক্ষেত্ৰত শত্ৰুপক্ষই আপোনাৰ অপকাৰ কৰিবলৈ চেষ্টা কৰিব পাৰে। যানবাহন চলোৱাৰ সময়ত বিশেষ সতৰ্কতা অৱলম্বন কৰিব। আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধানে চলিব।
ধনু ৰাশি- আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু কঠিন কামবোৰ সহজে সম্পন্ন কৰিব। কৰ্মস্থলীত আপোনাৰ প্ৰভাৱ বাঢ়িব। নতুন ঘৰ বা বাহন ক্ৰয়ৰ যোগ আছে। পত্নী বা স্বামীৰ সৈতে সুসম্পৰ্ক বৰ্তি থাকিব। সন্ধিয়া কোনো আত্মীয়ৰ আগমন ঘটিব পাৰে।
মকৰ ৰাশি- আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক-জাতিকাসকলে সাৱধানে থকাটো মংগলজনক হ’ব। হঠাতে কোনো আইনী জটিলতাত সোমাই পৰিব পাৰে। খৰচৰ মাত্ৰা অধিক হোৱাৰ বাবে আৰ্থিক টান অনুভৱ কৰিব। শত্ৰুৱে আপোনাৰ ভাবমূৰ্তি নষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে, সেয়ে সতৰ্ক থাকিব।
কুম্ভ ৰাশি- দিনটোত আধ্যাত্মিক চিন্তাৰ প্ৰতি ধাউতি বাঢ়িব। কোনো পুৰণা ৰোগৰ পৰা উপশম লাভ কৰিব পাৰে। চাকৰিয়ালসকলৰ বাবে পদোন্নতিৰ যোগ আছে। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে দিনটো বিশেষভাৱে মনত ৰখাৰ দৰে হ’ব। আৰ্থিক স্থিতি মজবুত হ’ব।
মীন ৰাশি- আপোনাৰ ব্যক্তিত্বই আনক আকৰ্ষিত কৰিব। কোনো নতুন কামৰ পৰিকল্পনা কৰিব পাৰে আৰু তাত সফল হ’ব। পাৰিবাৰিক জীৱনত সুখ-শান্তি বজায় থাকিব। অংশীদাৰী ব্যৱসায়ত স্বচ্ছতা বজায় ৰাখিব। সন্ধিয়া কোনো বিনোদনমূলক কাৰ্যসূচীত অংশ ল’ব পাৰে।









