দৈনিক ৰাশিফলঃ ১৬ জানুৱাৰী, শুকুৰবাৰ
মেষ ৰাশি- আপোনাৰ বাবে দিনটো যথেষ্ট উৎসাহজনক হ’ব। কৰ্মক্ষেত্ৰত কোনো নতুন প্ৰকল্পৰ নেতৃত্ব দিয়াৰ সুযোগ লাভ কৰিব। আৰ্থিক দিশত উন্নতি ঘটিব আৰু কোনো পুৰণি পাওনা ধন ঘূৰাই পাব পাৰে। পাৰিবাৰিক জীৱনত সুখ-শান্তি বৃদ্ধি পাব। অৱশ্যে অতিৰিক্ত কামৰ বোজাৰ বাবে স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব।
বৃষ ৰাশি- দিনটোত কোনো গুৰুত্বপূৰ্ণ কামত হাত দিয়াৰ আগতে জ্যেষ্ঠজনৰ পৰামৰ্শ ল’ব। ব্যৱসায়ত মধ্যমীয়া লাভ হোৱাৰ সম্ভাৱনা আছে। কোনো অচিনাকি ব্যক্তিৰ সৈতে আৰ্থিক লেনদেন কৰোঁতে সাৱধান হ’ব। প্ৰেমৰ সম্পৰ্কত নতুন মোৰ ল’ব পাৰে। শিক্ষাৰ্থীসকলে উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যোৱাৰ সুযোগ পাব পাৰে।
মিথুন ৰাশি- আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু ইয়াৰ ফলত বহুতো কঠিন কাম সহজে সমাধান হ’ব। সামাজিক মৰ্যাদা বৃদ্ধি পোৱাৰ যোগ আছে। ঘৰুৱা দায়িত্ব পালন কৰোঁতে ব্যস্ততা বাঢ়িব। নতুন কোনো বন্ধুৰ দ্বাৰা উপকৃত হ’ব পাৰে। সন্ধিয়াৰ ভাগত কোনো সুখবৰ লাভ কৰিব যিয়ে আপোনাৰ মন আনন্দিত কৰিব।
কৰ্কট ৰাশি- আপুনি আজি আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকাটোৱে শ্ৰেয়। কৰ্মস্থলীত সহকৰ্মীৰ সৈতে কিছু মতানৈক্য হ’ব পাৰে, গতিকে ধৈৰ্য্য ধৰিব। আৰ্থিক খৰচৰ মাত্ৰা বাঢ়িব পাৰে, সেয়ে বাজেট মানি চলিব। ধৰ্মীয় কাম-কাজৰ প্ৰতি ধাউতি বৃদ্ধি পাব। পৈত্রিক সম্পত্তিৰ পৰা লাভান্বিত হোৱাৰ সম্ভাৱনা আছে।
সিংহ ৰাশি- আপোনাৰ ব্যক্তিত্বই আনক আকৰ্ষিত কৰিব আৰু কোনো নতুন কামত জড়িত হোৱাৰ সুযোগ লাভ কৰিব। ব্যৱসায়ীসকলে নতুন বিনিয়োগৰ জৰিয়তে লাভৱান হ’ব। পৰিয়ালৰ সদস্যৰ সৈতে সুসম্পৰ্ক বৰ্তি থাকিব। বিবাহৰ বাবে আগ্ৰহীসকলৰ বাবে দিনটো শুভ। স্বাস্থ্যৰ দিশত দিনটো যথেষ্ট উন্নত দেখা যায়।
কন্যা ৰাশি- চাকৰিয়ালসকলৰ বাবে দিনটো প্ৰত্যাহ্বানমূলক হ’ব পাৰে। কোনো গোপন শত্ৰুৱে আপোনাৰ ভাবমূৰ্তি নষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে, সেয়ে সতৰ্ক থাকিব। ঘৰত নতুন কোনো মাংগলিক অনুষ্ঠানৰ পৰিকল্পনা চলিব। আৰ্থিক দিশত কিছু লোকচান হোৱাৰ ভয় থাকিব। বাহন চলোৱাৰ সময়ত বিশেষ সাৱধানতা ল’ব।
তুলা ৰাশি- দিনটোত আপুনি কোনো সৃজনীমূলক কামত নিয়োজিত হ’ব পাৰে। দীৰ্ঘদিন ধৰি ৰৈ থকা আইনী সমস্যাৰ সমাধান হোৱাৰ সম্ভাৱনা আছে। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে দিনটো সুখৰ হ’ব। সন্তানৰ ভৱিষ্যতক লৈ থকা চিন্তা দূৰ হ’ব। সামাজিক যোগাযোগৰ জৰিয়তে কোনো নতুন কৰ্মসংস্থাপনৰ সন্ধান পাব পাৰে।
বৃশ্চিক ৰাশি- আপোনাৰ বাবে দিনটো মিশ্ৰিত ফলদায়ক হ’ব। পুৱাৰ ভাগত কিছু মানসিক চাপ থাকিব পাৰে যদিও দিনটোৰ শেষৰ ফালে পৰিস্থিতি উন্নত হ’ব। ধাৰ দিয়া ধন ঘূৰাই পোৱাৰ আশা কম। শিক্ষাৰ্থীসকলে কোনো প্ৰতিযোগিতাত সফলতা লাভ কৰিব। খোৱা-বোৱাৰ ক্ষেত্ৰত অনিয়ম কৰিলে পেটৰ অসুখত ভুগিব পাৰে।
ধনু ৰাশি- আপুনি কোনো নতুন যোজনা বা নীতি আৰম্ভ কৰিব পাৰে যিয়ে ভৱিষ্যতে বৃহৎ সফলতা কঢ়িয়াই আনিব। ব্যৱসায়ত উন্নতিৰ নতুন বাট মুকলি হ’ব। ঘৰত কোনো ধৰণৰ উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিব। পুৰণি ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে। ধৰ্মীয় ভ্ৰমণৰ বাবে দিনটো অতি শুভ।
মকৰ ৰাশি- আপোনাৰ কৰ্মত নিষ্ঠা আৰু পৰিশ্ৰমৰ উচিত মূল্যায়ন হ’ব। কৰ্মস্থলীত পদোন্নতিৰ যোগ দেখা যায়। আৰ্থিক দিশত সঞ্চয় বৃদ্ধি পাব। কোনো আত্মীয়ৰ পৰা সহায় লাভ কৰিব পাৰে। পাৰিবাৰিক জীৱনত কিছু অশান্তি হ’ব পাৰে যদিও আলোচনাৰ জৰিয়তে সমাধান হ’ব। স্বাস্থ্যৰ যতন ল’বলৈ পাহৰি নাযাব।
কুম্ভ ৰাশি- কোনো নতুন উদ্যোগ হাতত লোৱাৰ বাবে দিনটো অতিশয় অনুকূল। আপুনি আজি কাৰোবাক সহায় কৰি মানসিক তৃপ্তি লাভ কৰিব। সমাজত আপোনাৰ গুৰুত্ব বাঢ়িব। পঢ়া-শুনাত থকা অৱহেলাই শিক্ষাৰ্থীৰ ফলাফলত প্ৰভাৱ পেলাব পাৰে। আৰ্থিক লেনদেনত স্বচ্ছতা বজায় ৰাখিব। সন্ধিয়া বন্ধুৰ সৈতে সময় অতিবাহিত কৰিব।
মীন ৰাশি- আপোনাৰ বাবে দিনটো যথেষ্ট ব্যস্ততাৰে ভৰা হ’ব। ব্যৱসায়ত নতুন গ্ৰাহক লাভ কৰিব আৰু লাভৰ মাত্ৰা বাঢ়িব। পৈত্রিক সম্পত্তিৰ সমস্যাৰ সমাধান হ’ব। পত্নী বা স্বামীৰ সৈতে কোনো দূৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। মানসিক শান্তিৰ বাবে আধ্যাত্মিক কিতাপ অধ্যয়ন কৰিব পাৰে। স্বাস্থ্য উন্নত থাকিব।



