মাজনী ঐ…! বিশ্ব অভিলেখৰ আনন্দত মঞ্চৰ পৰাই বিহুগীত জুৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

নিউজ ডেস্কঃ আজি ৰাজ্যবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ।

হেঁপাহৰ বিহুটিয়ে স্থান পালে গিনিজ বুকত।

সৰুসজাইত ১১ হাজাৰ নাচনীয়ে নাচি গঢ়িলে এক অনন্য বিশ্ব অভিলেখ।

এই অভিলেখৰ পিছতে মঞ্চত নাচনী-ঢুলীয়াৰ সৈতে হৰ্ষোল্লাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

মঞ্চৰ পৰাই বিহুৱা-বিহুৱতীৰ সৈতে আনন্দৰ মূহুৰ্তৰ অংশ হৈ পৰিল মুখ্যমন্ত্ৰী আৰু আন নেতা-মন্ত্ৰী।

ঢোলৰ চেৱে চেৱে বিহুগীত জুৰিলে মুখ্যমন্ত্ৰী আৰু সতীৰ্থ মন্ত্ৰী বিমল বৰাই।

‘মাজনী ঐ হব নো পানী লগা জ্বৰ’ গাই বিশ্ব অভিলেখৰ আনন্দত মগন হৈ পৰিল মুখ্যমন্ত্ৰী শৰ্মা আৰু তেওঁৰ সতীৰ্থ মন্ত্ৰীসকল।