অসম

বিষাক্ত প্রসাদ খাই গুৰুতৰভাৱে অসুস্থ ২৫ জনকৈ লোক, এগৰাকী মহিলাৰ মৃত্যুু…

বিষাক্ত প্রসাদ খাই কাছাৰত ২৫ জন লোক অসুস্থ।

আনহাতে বিষাক্ত প্রসাদ খাই মৃত্যুক আকোৱালি লয় এগৰাকী মহিলাই।

কাছাৰ জিলাৰ কাটিগড়া সমষ্টিৰ কুৰকুৰু চাহ বাগিছাত সংঘটিত হৈছে এই ঘটনা।

অসুস্থ ৬ জনৰ অৱস্থা সংকটকজনক হোৱাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে কুৰকুৰি চাহ বাগিচাৰ এটা দল গৈছিল শালচাপৰাত অনুষ্ঠিত পূজা উৎসৱলৈ৷

সেই পূজাৰ পৰাই তেওঁলোকে আনিছিল প্ৰসাদ।

অভিযোগ অনুসৰি এই প্ৰসাদ খোৱাৰ পিছতেই প্ৰায় ২৫ গৰাকীকৈ লোক অসুস্থ হৈ পৰে আৰু এজনৰ মৃত্যু হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *