CBI ৰ প্ৰাক্তন সঞ্চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰ চৰকাৰৰ

নিউজ ডেস্ক। কেন্দ্ৰীয় চৰকাৰে চিবিআইৰ প্ৰাক্তন সঞ্চালক আলোক বাৰ্মাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পোষকতা কৰিছে।

কৰ্মচাৰী বিভাগ আৰু গৃহ মন্ত্ৰালয়ক চিবিআইৰ প্ৰাক্তন সঞ্চালক আলোক বাৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰামৰ্শ দিছে কেন্দ্ৰীয় চৰকাৰে।

আলোক বাৰ্মাৰ বিৰুদ্ধে এটা দুৰ্নীতিৰ গোচৰ সন্দৰ্ভতো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

তেওঁ চিবিআইৰ সঞ্চালকৰ পদত অধিষ্ঠিত হৈ থকাৰ সময়ত নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু কৰ্মচাৰী বিভাগে কেন্দ্ৰীয় লোকসেৱা আয়োগক চিবিআইৰ প্ৰাক্তন সঞ্চালক বাৰ্মাৰ বিৰুদ্ধে পদৰ অপব্যৱহাৰ কৰা সন্দৰ্ভত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে আলোক বাৰ্মা ২০১৮ চনত বিতৰ্কত সোমাই পৰিছিল। যেতিয়া তেওঁ চিবিআইৰ তদানীন্তন বিশেষ সঞ্চালক ৰাকেশ আস্থানাৰ বিৰুদ্ধে উৎকোচ লােৱাৰ অভিযোগ কৰিছিল।

চিবিআইয়ে এটা গোচৰ ৰুজু কৰিবলৈ ৰাকেশ আস্থানাৰ বিৰুদ্ধে ২ কোটি টকাৰ উৎকোচ গ্ৰহণ কৰাৰ এটা গোচৰ ৰুজু কৰিছিল। কিন্তু তাৰ পিছত আস্থানাই আলোক বাৰ্মাৰ বিৰুদ্ধে উৎকোচ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

খবৰ অনুসৰি, কেন্দ্ৰীয় চৰকাৰে এতিয়া বাৰ্মাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আৰু দাবী কৰিছে যে তেওঁ চিবিআইৰ সঞ্চালক হৈ থাকোতে তেওঁৰ পদৰ অপব্যৱহাৰ কৰিছিল।

উল্লেখনীয় যে আলোক বাৰ্মাৰ নাম ও পেগাচাছ স্পাইৱেৰৰ জৰিয়তে চোৰাংচোৱা হোৱা সম্ভাৱ্য লোকৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

কেৱল সেয়াই নহয়, চৰকাৰে এইটোও বিচাৰি পাইছে যে বাৰ্মাই তেওঁৰ কাৰ্যকালত চৰকাৰী নিয়মো উলংঘা কৰিছিল।

চৰকাৰে বাৰ্মাৰ ওপৰত জৰিমনা আৰোপ কৰাৰ পৰামৰ্শও দিছে। যদি চৰকাৰে দিয়া এই পৰামৰ্শবোৰ গ্ৰহণ কৰা হয়। তেন্তে ই আলোক বাৰ্মাৰ পেঞ্চন আৰু অৱসৰৰ পিছৰ অন্যান্য সুবিধাবোৰত প্ৰভাৱ পেলাব।

Leave a Comment