fbpx
অসম

CAA আন্দোলনৰ সৈতে কম্প্ৰমাইজ নকৰোঁ, অমিত শ্বাহে যি কয় আমি মানিব লাগিবঃ পীযূষ হাজৰিকা

পুনৰ নাগৰিকত্ব সংশোধনী আইন প্ৰসংগক লৈ ৰাজ্যত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

বৃহস্পতিবাৰে পশ্চিমবংগত CAA বলৱৎ কৰা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠন।

অমিত শ্বাহে এখন ৰাজহুৱা সভাত ক’ভিড শেষ হ’লেই সমগ্ৰ দেশতে CAA বলৱৎ হ’ব বুলি স্পষ্ট কৰি দিছিল।

বিভিন্ন দল সংগঠনে বিভিন্ন ধৰণে চৰকাৰক সকীয়নি প্ৰদান কৰাৰ পিছতে এই সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযূষ হাজৰিকাই।

তেওঁ কয়- অমিত শ্বাহ ডাঙৰীয়াই যিটো কথা কৈছে, দেশৰ প্ৰেক্ষাপটত কৈছে। অমিত শ্বাহ দেশৰ গৃহমন্ত্ৰী। তেখেতে যি কয় আমি নিশ্চয়কৈ সমৰ্থন কৰিব লাগিব বা চিন্তা কৰিব লাগিব। এই ক্ষেত্ৰত সময়ত সিদ্ধান্ত হ’ব।

তেওঁ লগতে ইতিকিংসূচক ভাৱে কয়- ‘কা’ৰ নামত এটা সময়ত এটা আন্দোলন কৰিছিল। বৰ্বৰভাৱে আমাৰ ঘৰ সমূহ জ্বলাই দিব বিচাৰিছিল। আমাৰ ঘৰত কোন আছে নাভাবি ঘৰলৈ শিলগুটি দলিওৱা হৈছিল। কিন্তু তাৰ পিছতো আমি নিৰ্বাচনত জয়ী হৈছো।

আমি তেওঁলোকৰ লগত কম্প্ৰমাইজ নকৰোঁ বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

কাজিৰঙাত এই মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!