অসম

সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন, ৫০ টকাকৈ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ দাম…

সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন।

পেট্ৰ’ল-ডিজেলৰ সমান্তৰালকৈ হোৰাহোৰে বৃদ্ধি হৈ আছে গেছ চিলিণ্ডাৰৰ মূল্য।

এইবাৰ পুনৰ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য।

৫০ টকাকৈ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ দাম।

এই নতুন নিৰিখ শনিবাৰৰ পৰা সমগ্ৰ দেশত প্ৰযোজ্য হৈছে।

ইয়াৰ লগে লগে ঘৰুৱা চিলিণ্ডাৰৰ দামে অতিক্ৰম কৰিলে ১০০০ টকাৰ ঘৰ।

উল্লেখ কৰা প্ৰয়োজন যে, কেইটামান দিনৰ পূৰ্বে বাণিজ্যিক চিলিণ্ডাৰৰ দাম প্ৰতিটোত বৃদ্ধি পাইছিল ১০২টকাকৈ।

চিলিণ্ডাৰৰ মূল্যবৃদ্ধিক লৈ বিৰোধী দলৰ লগতে সাধাৰণ জনতাৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *