অসম

আৰক্ষীৰ পৰা বাছিবলৈ হাতত হেণ্ডকাফ লৈয়ে চোৰে জাঁপ দিলে বিলত, তাৰ পিছত…

আৰক্ষীৰ পৰা বাছিবলৈ হাতত হেণ্ডকাফ লৈয়ে চোৰে জাঁপ দিলে বিলত।

হেণ্ডকাফ বন্ধা অৱস্থাতেই পালইছিল চোৰ।

কিন্তু ধৰা পৰিব বুলি ৰাস্তাৰে নগৈ জাপ দিয়ে মেটেকাৰে ভৰা এটা বিলত।

যাৰ পাছতে চোৰ বিচাৰি হাহাকাৰ আৰক্ষীৰ। কিন্তু সাৰি যায় ক’ত।

আৰক্ষীয়ে বিচাৰি বিচাৰি পানীমেটেকাৰ মাজৰ পৰা উদ্ধাৰ কৰে চোৰটোক।

নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ পৰা হেণ্ডকাফসহ পলায়ন কৰিছিল চোৰটোৱে।

ধৃত চোৰটোৰ নাম ইকবাল হুছেইন।

জানিব পৰা মতে, মৰিকলং অঞ্চলত বিভিন্ন লোকৰ ঘৰৰ পৰা পানী তোলা মটৰ চুৰি কৰি গ্ৰেপ্তাৰ হোৱা ইকবালে আজি আবেলিৰ ভাগত শৌচাগাৰলৈ যোৱাৰ চলনাৰে হেণ্ডকাফসহ আৰক্ষীৰ ওচৰৰ পৰা পলায়ন কৰিছিল।

পিছে পিছে কৰ্তব্যৰত আৰক্ষী জোৱানে ইকবালক খেদি যোৱাত ইকবালে আৰক্ষীৰ পৰা বাচিবলৈ আৰক্ষী চকীৰ সন্মুখৰ মৰিকলং বিলত জাপ দি পানীমেটেকাৰ মাজত আত্মগোপন কৰে।

অৱশেষত প্ৰায় এঘণ্টা অভিযান চলাই পলাতক ইকবালক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মৰিকলং আৰক্ষী

পানীমেটেকাৰ মাজত চোৰৰ লুকাভাকু চাবলৈ ভীৰ ৰাইজৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *