অসম

BTR প্ৰধান প্ৰমোদ বড়োৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, নিহত আৰক্ষী জোৱান ৰাজু কলিতা…

নিউজ ডেস্ক। বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।

তামুলপুৰৰ এঘাৰ মাইলত দুৰ্ঘটনাগ্ৰস্ত হয় প্ৰমোদ বড়োৰ কনভয়ৰ বাহনখন।

জানিব পৰা মতে, এই দুৰ্ঘটনাত এগৰাকী আৰক্ষী জোৱান নিহত হোৱাৰ লগতে আন ৩ জন গুৰুতৰভাৱে আহত হৈছে।

নিহত জোৱানজনক ৰাজু কলিতা বুলি চিনাক্ত কৰা হৈছে।

সৌভাগ্যক্ৰমে দুৰ্ঘটনাৰ সময়ত কনভয়ৰ বাহনখন নাছিল প্ৰমোদ বড়ো।

দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ।

আহত জোৱান কেইজনক ততাতৈয়াকৈ ৰঙিয়াৰ স্বস্তি হাস্পতালত ভৰ্তি কৰোৱা হয়।

ৰাজু কলিতাৰ মৃত্যুত বিটিআৰ প্ৰধান প্ৰমোদ বড়োই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *