অসম

শোকাৱহ ঘটনা! অচিনাক্ত গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱালে ৩ গৰাকী শ্রমিকে…

বিহুৰ আনন্দৰ মাজতে এক শোকৱাহ ঘটনা।

অচিনাক্ত গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱালে ৩ গৰাকী শ্রমিকে। গুৰুতৰভাৱে আহত এজন।

কাৰ্বি আংলং জিলাৰ ডেনগাঁৱত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, পুৱা প্ৰায় চাৰি মান বজাত জিলাখনৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত ডেনগাঁৱত চাৰিজন ব্যক্তিয়ে ঠেলাৰে বাঁহ কঢ়িয়াই লৈ যোৱাৰ সময়ত এখন অচিনাক্ত বাহনে তেওঁলোকক মহটিয়াই নিয়ে।

ফলত ঘটনাস্থলীতেই নিহত হয় বিৰেণ ইংতি, লুনচে ৰংপি আৰু চাৰ্থে তিমুং নামৰ তিনজন শ্রমিকৰ। আনহাতে, এই ঘটনাত গুৰুতৰভাৱে আহত হয় ধনছিং তেৰণ নামৰ আন এজন ব্যক্তি।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত তিনিওজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ লগতে সংকটজন অৱস্থাত থকা ধনছিং তেৰণকো উন্নত চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে দুর্ঘটনা সংঘটিত কৰা গাড়ীখনৰ সন্ধান চলাই আছে যদিও বর্তমানলৈকে কোনো সন্ধান লাভ কৰা নাই বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *