অসম

BJP-UPPLৰ প্ৰাৰ্থীক ভোট দিয়ক, গোসাঁইগাঁৱলৈ উন্নয়নৰ গংগা নামি আহিবঃ মুখ্যমন্ত্ৰী…

ৰাজ্যত এতিয়া বলিছে উপ নিৰ্বাচনৰ গৰম বতাহ।

৫ সমষ্টিৰ উপ নিৰ্বাচনক লৈ এতিয়া সাজু হৈছে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও নামি পৰিছে তীব্ৰ প্ৰচাৰ অভিযানত।

সোমবাৰৰ আবেলি গোসাঁইগাঁৱত উপস্থিত হৈ মুখ্যমন্ত্ৰী শৰ্মাই নিশা বহু দল-সংগঠনৰ প্ৰতিনিধিক সাক্ষাৎ কৰে৷

মঙলবাৰে পুৱাই মিত্ৰজোঁটৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী শৰ্মাই৷

নিৰ্বাচনী প্ৰচাৰ চলাই বিৰোধী কংগ্ৰেছ আৰু AIUDFক কঠোৰ ভাষাৰে সমালোচনা কৰে৷

মুখ্যমন্ত্ৰীয়ে ক’লে- ‘কংগ্ৰেছৰ চৰকাৰ আছে নেকি ইয়াত? AIUDFৰ চৰকাৰ ক’ৰবাত আছে নেকি? সেয়ে BJP-UPPLৰ প্ৰাৰ্থীক ভোট দিয়ক৷ মনত ৰাখিব- UPPL মানে BJP, BJP মানে UPPL৷’

লগতে কয়- ‘হাৰা পাৰ্টীক ভোট দি কি লাভ? বিৰোধীক ভোট দিয়াতকৈ ৩০ অক্টোবৰত পইতা ভাত খাই শুই থাকক৷’

মুখ্যমন্ত্ৰী ড° শৰ্মাই লগতে ৰাইজক উদ্দেশ্যি প্ৰচাৰ সভাত কয়- BJP-UPPLৰ প্ৰাৰ্থীক ভোট দিয়ক, গোসাঁইগাঁৱলৈ উন্নয়নৰ গংগা নামি আহিব৷’

Leave a Reply

Your email address will not be published. Required fields are marked *