অসম

ভাওনাক অপমান! মঞ্চত অসংযত আচৰণে তোলপাৰ লগাইছে ছচিয়েল মিডিয়াত, ক্ষমা বিচাৰিলে মোহনে…

মহাপুৰষ শ্ৰীমন্ত শংকৰদেৱ সৃষ্টিৰাজি ভাওনাক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে অসমীয়া ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতাৰ বিৰুদ্ধে।

জনপ্ৰিয় অসমীয়া ধাৰাবাহিক অভিনয় কৰা মোহনখ্যাত দ্বীপজ্যোতি কেওটৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ।

নগাঁও জিলাৰ পুৰণিগুদামৰ কাঁহুলি গাঁৱত অনুষ্ঠিত হোৱা “সমূদ্ৰ মন্থন” ভাওনাত দুই শিল্পী দ্বীপজ্যোতি কেওট আৰু অস্বিনী ডেকাই বহুৱালিৰে ভাওনাক বিকৃত ৰূপত পৰিৱেশ কৰাৰ অভিযোগ উত্থাপন হৈছে।

মঞ্চত অসংযত আচৰণ কৰা পৰিলক্ষিত হয় দ্বিপজ্যোকি কেওটক।

মোহনখ্যাত অভিনেতা দ্বীপজ্যোতি কেওটে মোহিনীৰ চৰিত্ৰত অভিনয় কৰোতে ৰূপায়ণ কৰা চুম্বনৰ দৃশ্যাংশই সামাজিক মাধ্যমত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে।

সমুদ্ৰ মন্থন নামৰ নাটখনত দ্বীপজ্যোতিয়ে মোহিনীৰ চৰিত্ৰত অভিনয় কৰা সময়ছোৱাত অসুৰক চুম্বন কৰা, ‘ফ্লায়িং কিছ’ কৰা দৃশ্যই সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে অভিনেতাগৰাকীয়ে গুৰুজনাৰ সংস্কৃতিক অপমান কৰাৰো অভিযোগ উঠিছে।

অৱশ্যে, এই বিতৰ্কৰ পিছতে সংবাদ মাধ্যমত ৰাজহুৱাভাৱে ক্ষমা খুজিলে অভিনেতাগৰাকীয়ে।

অভিনেতাগৰাকীয়ে লগতে কয়, ভৱিষ্যতে তেওঁ ভাওনাত অভিনয় কৰোতে অধিক সাৱধান হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *