BCCI-ৰ নতুন সমিতিত অসমৰ দেৱজিত শইকীয়া অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা…

বিচিচিআইৰ পৰৱৰ্তী যুটীয়া সম্পাদক পদৰ বাবে মনোনয়ন দাখিল এজন অসমীয়াৰ।

BCCIৰ নতুন সমিতিত অসমৰ দেৱজিত শইকীয়া অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা।

মঙলবাৰে BCCIৰ যুটীয়া সম্পাদক ৰূপে মনোনয়ন পত্ৰ দাখিল কৰে ACAৰ সম্পাদক তথা প্ৰাক্তন ৰঞ্জী খেলুৱৈ দেৱজিত শইকীয়াই।

১৮ অক্টোবৰত অনুষ্ঠিত হ’ব BCCIৰ নিৰ্বাচন।

উল্লেখ্য যে, আগন্তুক ১৮ অক্টোবৰত অনুষ্ঠিত হ’ব লগীয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ সভাপতি পদৰ নিৰ্বাচনৰ সমান্তৰালকৈ অন্ত পৰিব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ সভাপতিত্ব।

কেৱল সভাপতি পদৰ বাবেই নহয় বৰং আন বহু কেইটা পদৰ বাবে অনুষ্ঠিত কৰা হ’ব এই নিৰ্বাচন।

সভাপতি, উপ সভাপতিৰ ওপৰিও যুটীয়া সম্পাদক পদৰ বাবে অনুষ্ঠিত হ’ব লগীয়া নিৰ্বাচনত মনোনয়ন দাখিল কৰে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই।

১২ অক্টোবৰত অন্ত পৰিব মনোনয়ন দাখিলৰ অন্তিম সময়।

এতিয়ালৈ মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ প্ৰকাশ পোৱা অনানুষ্ঠানিক তালিকা অনুসৰি, বি চি চি আইৰ সভাপতি পদৰ বাবে ৰ’জাৰ বিন্নী, উপ সভাপতি পদৰ বাবে ৰাজীৱ শুক্লা।

আনহাতে যুটীয়া সম্পাদক পদৰ বাবে দেৱজিৎ শইকীয়া আৰু ৰোহন জেটলী, কোষাধক্ষ্য পদৰ বাবে আশ্বিষ শ্বেলাৰ আৰু আই পি এলৰ অধ্যক্ষ পদৰ বাবে অৰুণ ধুমালে আগবঢ়াইছে মনোনয়ন।