সমাজ কল্যাণ বিভাগত নিযুক্তিৰ নামত বিয়াগোম কেলেংকাৰি, মহানগৰ আৰক্ষীৰ জালত প্ৰৱঞ্চক মহিলা…

সমাজ কল্যাণ বিভাগত নিযুক্তিৰ নামত বৃহৎ জালিয়াতি।

মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ জালত প্ৰৱঞ্চক মহিলা।

ধৃত মহিলাগৰাকী ছয়মাইলৰ জিনা বেগম বুলি জানিব পৰা গৈছে।

সমাজ কল্যাণ বিভাগৰ কেলেংকাৰিত জড়িত থকাৰ অভিযোগত হাতীগাঁও থানাত গোচৰ ৰুজু হোৱাৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাকৰি দিয়াৰ নামত ধন লোৱা জিনা বেগম নামৰ এগৰাকী মহিলাক।

সমাজ কল্যাণ বিভাগত চাকৰিৰ প্ৰলোভনেৰে জিনা বেগম নামৰ মহিলাগৰাকীয়ে বিভিন্নজনৰ পৰা সৰকাইছিল ধন।

প্ৰায় ২০ জন যুৱকৰ পৰা ২.২ কোটি টকা আত্মসাৎ কৰাৰ কথা স্বীকাৰ।

লগতে জিনা বেগমৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ১২খন ভুৱা নিযুক্তি পত্ৰ।

২০২০ত এই ধন আত্মসাৎ কৰিছিল ধৃত জিনা বেগমে।

আনকি নিবনুৱাসকলক ভুৱা নিযুক্তি পত্ৰও প্ৰদান কৰিছিল মহিলাগৰাকীয়ে।

বাতৰি কাকতত নিযুক্তিপ্ৰাপ্তৰ ভুৱা তালিকাও প্ৰচাৰৰ অভিযোগ মহিলাগৰাকীৰ বিৰুদ্ধে।

টকা দি চাকৰি নোপোৱা তিনিজন ভুক্তভোগী ৰফিকুল, আতিকুৰ আৰু আৰিফুলৰ এজাহাৰৰ পিছতে পোহৰলৈ আহে এই তথ্য। এই তিনিজনে ১৯ লাখ টকা দিছিল চাকৰিৰ বাবে। ভুৱা নিযুক্তি পত্ৰও পাইছিল তিনিওজনে। 

ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বেগমক।