অসমঅসমীয়া

Assam-News: এসপ্তাহে মৃত্যুৰে যুঁজি হাৰ মানিলে চাহ বাগিচাৰ শ্ৰমিক ভাস্কৰে…

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ

নিউজ ডেস্ক। পুনৰ চাহ বাগিচাৰ শ্ৰমিকৰ দুৰ্ঘটনাৰ মৃত্যু। এইবাৰ ঘটনাৰ স্থান যােৰহাট জিলাৰ তিতাবৰ স্থিত টাইৰুণ চাহ বাগিচা।

বিগত ২২ আগষ্টত কৰ্মৰত অৱস্থাত কলঘৰৰ মেচিনত ভৰি সোমাই গুৰুতৰভাৱে আহত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা চাহ শ্ৰমিক ভাস্কৰ মহান্তি (২৭) ৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু।

তিতাবৰ টাইৰ চাহ বাগিচাৰে বাসিন্দা মহান্তিয়ে মৃত্যুৰ সময়ত পত্নী আৰু পিতৃ-মাতৃক ইহ সংসাৰত এৰি যায়।

উল্লেখ্য যে উক্ত চাহ বাগিচাত ট্ৰেক্টৰৰ চালক হিচাপে কৰ্মৰত ভাস্কৰ মহান্তিয়ে ঘটনাৰ দিনা কলঘৰৰ ভিতৰত চাহপাত নমাই থাকোতে হঠাতে তেওঁৰ সোঁভৰিখন চি টি চি মেচিনত সোমাই ভৰিখন প্ৰায় ছিগি যায়।

UpscaleImage 1 20230829

জানিব পৰা মতে, কলঘৰত ছেফটি গার্ড নিপিন্ধাকৈ শ্রমিক কলঘৰত সোমোৱা নিষেধ। কিন্তু ছেফটি গার্ড নিপিন্ধাকৈ ট্ৰেক্টৰ চালক ভাস্কৰ মহান্তি সেইদিনা কলঘৰত সোমাই চি টি চি মেচিনৰ ওচৰ পাইছিলগৈ। কিন্তু এই ক্ষেত্ৰত কৰ্তৃপক্ষই কােনো বাধা প্ৰদান কৰা নাছিল।

1

ইপিনে, যোৰহাট চিকিৎসা মহাবিদ্যালয়ত প্ৰায় এসপ্তাহ ধৰি চিকিৎসাধীন হৈ থকা ভাস্কৰ মহান্তিৰ পিতৃ-মাতৃক সাক্ষাৎ কৰি শ্রম মন্ত্রী সঞ্জয় কিষাণে ৬ লাখ ২৮ হেজাৰ টকাৰ সাহায্যৰ এখন চেকো প্ৰদান কৰিছিল।

image 1

কিন্তু ইয়াৰ এদিনৰ পিচতে মৃত্যুবৰণ কৰে ট্রেক্টৰ চালকগৰাকীয়ে।

Clich here to follow us on Instagram

Leave a Reply

Your email address will not be published. Required fields are marked *