APSCৰ কেলেংকাৰি সন্দৰ্ভত ৫ জনীয়া কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক…

APSCৰ কেলেংকাৰি সন্দৰ্ভত ৫ জনীয়া কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক।

জনতা ভৱনত মুখ্য সচিব জিষ্ণু বৰুৱাৰ অধ্যক্ষতাত এই বৈঠক।

কাইলৈ অৱসৰৰ প্ৰাকমুহূৰ্তত গুৰুত্বপূৰ্ণ বৈঠকত মুখ্য সচিব জিষ্ণু বৰুৱা।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি কে শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ আলোচনা।

৩৪ ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে আয়োগে দাখিল কৰিছিল প্ৰতিবেদন।

আয়োগৰ প্ৰতিবেদন পুনৰীক্ষণৰ বাবে ৫ জনীয়া কমিটী গঠন কেবিনেটৰ।

কমিটীৰ অধ্যক্ষৰ দায়িত্বত আছে মুখ্য সচিব জিষ্ণু বৰুৱা।

৫ জনীয়া কমিটীৰ সদস্য-সচিবৰ দায়িত্বত প্ৰধান সচিব নীৰজ বাৰ্মা।

কমিটীৰ সদস্য অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, DGP ভাস্কৰজ্যোতি মহন্ত।

লগতে সদস্য হিচাপে আছে জ্যেষ্ঠ অধিবক্তা নলিন কোহলিও।

কমিটীৰ প্ৰতিবেদনৰ ওপৰতে নিৰ্ভৰ ৩৪ ৰাজপত্ৰিত বিষয়াৰ ভৱিষ্যত।

মুখ্য সচিবৰ অৱসৰৰ পূৰ্বে কমিটীয়ে প্ৰতিবেদন দাখিলৰ সম্ভাৱনা।