সাম্প্ৰদায়িক কথাৰ মহাৰাজ হিমন্ত বিশ্ব শৰ্মাঃ সাংসদ আব্দুল খালেক…

মোগলৰ প্ৰশংসাত পঞ্চমুখ হোৱা সাংসদ আব্দুল খালেকৰ মন্তব্যক লৈ অব্যাহত আছে বিভিন্ন জনৰ প্ৰতিক্ৰিয়া।

বিভিন্নজনে আগবঢ়োৱা প্ৰতিক্ৰিয়া ওপৰত প্ৰত্যুত্তৰ প্ৰদান কৰিছে সাংসদ আব্দুল খালেকে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাম্প্ৰদায়িক কথাৰ মহাৰাজ আখ্যা সাংসদ আব্দুল খালেকৰ।

তেওঁ কয়- ‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ হিন্দু-মুছলমান কৰিব পাৰি সেয়াই চিন্তা কৰি থাকে। মোৰ কোনো মুছলমান বা হিন্দু প্ৰীতি নাই, মই মোগলৰ বংশধৰ নহয়। মোগল ভাৰতৰ ইতিহাসৰ অভিন্ন অংশ।

আনহাতে, বিধায়ক দিগন্ত কলিতাই কৈছিল যে আব্দুল খালেক অসমীয়া হয়নে নহয় তাত সন্দেহ আছে, তেওঁৰ DNA টেষ্ট কৰিব লাগে।

দিগন্ত কলিতাৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত খালেকে কয়, ‘শ্বেতবৰ্ণৰ মানুহবোৰৰহে DNA টেষ্ট কৰিব লাগে, কৃষ্ণবৰ্ণৰ মানুহবোৰ ভাৰতীয়, তাত কোনো সন্দেহ নাই। কৃষ্ণ বৰ্ণৰ লোকসকল ভাৰতৰ মূল লোক। মোৰ DNAৰ ৰন্ধ্ৰে ৰন্ধ্ৰে ভাৰতীয়ত্ব আছে।’

লগতে বিধায়ক দিগন্ত কলিতাক মেৰুদণ্ডহীন আখ্যা দিয়ে সাংসদ খালেকে।