অসম

APDCLৰ নিযুক্তি কেলেংকাৰিত অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ…

APDCLৰ নিযুক্তি কেলেংকাৰিত অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ।

অটকাধীন ১০ অভিযুক্তক দুদিনৰ বাবে প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মালৈ।

উল্লেখ্য যে, যোৱা শনিবাৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে অভিযান চলাই গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা ১০জনক গ্ৰেপ্তাৰ কৰিছিল।

গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছিল APDCLৰ অধ্যক্ষৰ OSD দিপাংকৰ দিহিঙীয়া।

লগতে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে অভিযান চলাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ শশাংক শইকীয়া, ত্রিদিৱ শৰ্মা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰক্ষী বেবীলন কাকতিৰ লগতে ‘নেইকম ইম্প্রেছনছ’ৰ কংকণ শৰ্মা, কৌশিক দাস, বিশ্বজিৎ বৰ্মন, দুলুমণি ডেকা, জয়ন্ত ডেকা আৰু ফাৰহা আলমক গ্রেপ্তাৰ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *