অসম

আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আজগৰ আলী…

ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

এইবাৰ বটদ্ৰৱা আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আজগৰ আলী।

নগাঁও জিলাৰ বটদ্ৰৱাৰ হাইডুবী গাঁৱৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আগজৰ আলী বটদ্ৰৱা আৰক্ষীৰ জালত।

ড্ৰাগছ সৰবৰাহকাৰী আজগৰ আলীয়ে দীৰ্ঘদিন ধৰি হাইডুবী গাঁৱৰ নিজ বাসগৃহতেই নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই আহিছিল।

এক গোপন খবৰৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীয়ে স্থানীয় আমছু কৰ্মীৰ সহযোগত অভিযান চলাই হাইডুবীৰ পৰা আজগৰ আলীক আটক কৰিবলৈ সক্ষম হয়।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো বৰ্তমান বটদ্ৰৱা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *