নিউজ ডেস্কঃ মৰণোত্তৰ পৰীক্ষাৰ বাবে শুৱাই থোৱা মেজখনৰ পৰা হঠাৎ উঠি বহিল এজন মৃত বুলি ঘোষিত যুৱক! মধ্য প্ৰদেশৰ গুণা জিলা চিকিৎসালয়ত সংঘটিত এই অভূতপূৰ্ব ঘটনাই এতিয়া সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চিকিৎসকে মৃত ঘোষণা কৰাৰ পিছত কোনোমতে প্ৰাণ ৰক্ষা কৰি মৰণোত্তৰ পৰীক্ষা কক্ষৰ পৰা পলায়ন কৰা এই যুৱকজনৰ চৰম দুৰ্ভোগৰ কাহিনীয়ে এতিয়া সকলোৰে চকু কপালত তুলিছে।
উল্লেখ্য যে, মানসিক যন্ত্ৰণাৰ বাবে যোৱা ১১ মাৰ্চত বিষপান কৰা যুৱকজনক অচেতন অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। চিকিৎসকে তেওঁৰ স্বাস্থ্য পৰীক্ষা নকৰাকৈয়ে মৃত বুলি গণ্য কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মৰণোত্তৰ পৰীক্ষা কক্ষত বিবস্ত্ৰ অৱস্থাত জ্ঞান ঘূৰি অহাৰ পিছত যুৱকজনে লগে লগে তাৰ পৰা পলায়ন কৰি প্ৰাণ ৰক্ষা কৰে।

ইফালে জিলা মুখ্য চিকিৎসা বিষয়া ৰাজকুমাৰ ঋষিশ্বৰে এই সমগ্ৰ অভিযোগ অস্বীকাৰ কৰিছে। আৰক্ষীৰ অনুমোদন আৰু নিৰ্দিষ্ট প্ৰপত্ৰ পূৰণ নকৰাকৈ কোনো মৃতদেহ মৰণোত্তৰ পৰীক্ষা কক্ষলৈ পঠোৱা নহয় বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। যুৱকজনে তোলা এই অভিযোগৰ কোনো সঠিক তথ্য-প্ৰমাণ চিকিৎসালয় কৰ্তৃপক্ষৰ হাতত নাই বুলি তেওঁ জানিবলৈ দিয়ে।
চিকিৎসালয় কৰ্তৃপক্ষৰ দাবী অনুসৰি, ১১ মাৰ্চত ভৰ্তি হোৱা যুৱকজনক সেইদিনাই চিকিৎসালয়ৰ চৌহদত পৰিয়ালৰ সৈতে কাজিয়া কৰা এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছিল। ১৮ মাৰ্চত এটা ভিডিঅ’ যোগে যুৱকজনে সমগ্ৰ ঘটনাৰ তদন্ত দাবী কৰাৰ পাছত এতিয়া চিকিৎসালয়খনৰ গাফিলতিক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।









