অসম

AIUDFৰ বিধায়কৰ ভোট নালাগে, ৰাজ্যসভাৰ দুয়োখন আসনতে আমি জয়লাভ কৰিমঃ মুখ্যমন্ত্ৰী…

৩১ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ বাবে সোমবাৰে শাসক-বিৰোধীয়ে পৃথকে পৃথকে মনোনয়ন দাখিল কৰে।

দুখন আসনৰ বাবে বিজেপি মিত্ৰজোঁটৰ দুয়োগৰাকী প্ৰাৰ্থী আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুন বৰাই মনোনয়ন দাখিল কৰে।

প্ৰথমখন আসনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু দ্বিতীয়খন আসনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থী ইউপিপিএলৰ ৰণগৌৰা নাৰ্জাৰীয়ে মনোনয়ন দাখিল কৰে।

মনোনয়নৰ দাখিলৰ সময়ত মিত্ৰজোঁটৰ প্ৰাৰ্থী দুগৰাকীৰ লগত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰী শৰ্মাই কয়- বিজেপি মিত্ৰজোঁটৰ হৈ দুখন মনোনয়ন দাখিল কৰো। আমি নিশ্চিত অসম বিধানসভাৰ বিধায়কসকলে দুয়োজনকে ভোট দিব। দুয়োখনতে আমি জয় লাভ কৰিম।

আনহাতে মুখ্যমন্ত্ৰী শৰ্মাই পুনৰ এবাৰ AIUDFৰ ভোট নালাগে বুলি মন্তব্য কৰে।

আনহাতে মিত্ৰজোঁটৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে প্ৰতিগৰাকী বিধায়কক তামোল-পানলৈ ভোট দিবলৈ অনুৰোধ জনাব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে।

ইপিনে ৰিপুন বৰা জয়ী হ’ব বুলি বিৰোধীয়ে কৰা দাবীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ৪৩ বুলি কোৱাটো তৰোৱালৰ আগত থিয় হৈ থকাৰ দৰে কথা। সংখ্যা আছে নে নাই সেয়া বেলটতহে হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *